![]()
নিউজ ডেস্কঃ
মুখ্যমন্ত্রীক হত্যাৰ চক্রান্ত কৰা হৈছে। মমতা বেনাৰ্জীৰ ওপৰত ‘আক্ৰমণ’ৰ প্রতিবাদত নির্বাচন আয়োগত এই অভিযোগ জনালে তৃণমূল কংগ্ৰেছে। আয়োগলৈ তৃণমূল কংগ্রেছে পত্ৰও প্ৰেৰণ কৰিছে। তাত কোৱা হৈছে, ‘মমতা বেনাৰ্জী আমাৰ দলৰ চেয়াৰপাৰ্ছন। দেশৰ একমাত্র মহিলা মুখ্যমন্ত্রী। নিৰ্বাচনৰ দিন-তাৰিখ প্রকাশ হোৱাৰ পিছতেই ৰাজ্যৰ আৰক্ষী এতিয়া আয়োগৰ অধীনত। সেয়ে এই ঘটনাৰ দায়িত্ব ল’ব লাগিব আয়োগেই। ঘটনাৰ ২৪ ঘণ্টা পূৰ্বে ৰাজ্যত আৰক্ষীৰ ডিজিক আঁতৰোৱা হৈছে। তাৰ পিছতেই মমতাৰ ওপৰত এই ‘আক্ৰমণ’। ঘটনাৰ সময়ত এছপি বা আৰক্ষীৰ কোনো বিষয়া তাত নাছিল। মমতা বেনাৰ্জীয়ে জেড প্লাছ নিৰাপত্তা পায়। কেৱল তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীহে তাত আছিল। এইটো গভীৰ চক্রান্ত। আমি তদন্তৰ দাবী জনাইছো।’ পত্ৰত তৃণমূলে আৰু দাবী কৰে, ‘বিজেপিৰ আশ্রিত দুষ্কৃতিকাৰী ইতিমধ্যে নন্দীগ্রামত সোমাই পৰিছে।’










