![]()
নিউজ ডেস্কঃ
আপ্ৰাণ চেষ্টা চলাইও হাৰিয়ানাত চৰকাৰ বগৰাব নোৱাৰিলে কংগ্রেছে। আস্থা ভোটত কংগ্রেছক পৰাজিত কৰি গাদী ধৰি ৰাখিলে বিজেপিয়ে। জানিব পৰা মতে, কংগ্রেছৰ সকলো বিধায়কে অনাস্থা প্রস্তাৱৰ সমর্থনত ভোট দিয়ে। অন্যহাতে, বিজেপি-জেজেপিৰ বিধায়কসকলে অনাস্থা প্রস্তাৱৰ বিৰুদ্ধে ভোট দিয়ে। অনাস্থা প্রস্তাৱক ৩২ জন বিধায়কে সমৰ্থন জনোৱাৰ বিপৰীতে বিৰোধিতা কৰে ৫৫ জনে।
উল্লেখ্য, বিজেপিৰ পৰা সমর্থন উঠাই লোৱাৰ কথা কৈছিল জেজেপি বিধায়ক ৰাম কুমাৰ গৌতম আৰু দেবেন্দ্র বাবলিৰ দৰে বিধায়কসকলে। কিন্তু তেওঁলোকেই আজি অনাস্থা প্রস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে। গোপাল কানড়াইও জোঁটক আজি সমর্থন জনায়। উল্লেখ্য, হাৰিয়ানা বিধানসভাত ৮৮ জন সদস্য। ক্ষমতা ধৰি ৰাখিবলৈ ৪৫টা ভোটৰ প্ৰয়োজন আছিল শাসক শিবিৰৰ।










