![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ মুজাফ্ফৰনগৰ জিলাৰ এখন খাপ পঞ্চায়তে মহিলাসকলক ‘জিন্স’ আৰু পুৰুষসকলক ‘শ্বর্টছ’ পিন্ধা নিষিদ্ধ কৰিছে। খাপ পঞ্চায়তৰ ৰায়, এই পোছাকবোৰ পশ্চিমীয়া সংস্কৃতিৰ অঙ্গ আৰু মহিলাসকলে শাড়ী, ঘাগৰা আৰু চেলোৱাৰ-কামিজৰ দৰে ঐতিহ্যবাহী ভাৰতীয় পোছাক পৰিধান কৰা উচিত। ৰাজপুত সম্প্রদায়ৰ পঞ্চায়তে সতর্কও কৰিছে যে এই আদেশ উলঙ্ঘনকাৰীসকলত শাস্তি প্ৰদান কৰা হ’ব আৰু তেওঁলোকক বহিষ্কাৰ কৰা হ’ব পাৰে। এই পঞ্চায়ত ২ মার্চত চৰাথল থানাৰ অধীনস্থ পীপলশ্বাহ গাঁৱত আহ্বান কৰা হৈছিল।

খাপৰ সিদ্ধান্তৰ ঘোষণা কৰি সম্প্রদায়টোৰ নেতা আৰু কিষাণ সংঘৰ প্রধান ঠাকুৰ পুৰান সিঙে কয় যে মহিলাসকলক জিন্স আৰু পুৰুষসকলক শ্বর্টছ পিন্ধা নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।










