![]()
নিউজ ডেস্কঃ
বাইক আৰু গাড়ীত এইবাৰ ই-২০ পেট্রোলৰ অনুমতি দিবলৈ আগবাঢ়িছে চৰকাৰ৷ পেট্রোল আৰু ডিজেলৰ মূল্য ক্রমাগতভাৱে বৃদ্ধি পায়েই আছে দেশত। এই মূল্যবৃদ্ধিক লৈ কেন্দ্র-ৰাজ্য চৰকাৰৰ মাজত চৰম সংঘাতেও দেখা দিছে। পেট্রোল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ তৎ নোপোৱা হৈছে সাধাৰণ জনতা। তাৰ মাজতেই আজি স্বস্তিৰ খবৰ দিলে কেন্দ্রীয় চৰকাৰে।
কেন্দ্রীয় চৰকাৰে বাইক আৰু গাড়ীত এক অন্য ধৰণৰ পেট্রোল ব্যৱহাৰৰ অনুমতি দিবলৈ আগবাঢ়িছে। যাৰ নাম ইথানল পেট্রোল (E20)। কেন্দ্রীয় পথ আৰু পৰিবহণ মন্ত্ৰালয়ে ইতিমধ্যে এটি বিজ্ঞপ্তি জাৰি কৰি এই ইথানল মিশ্রিত পেট্রোল ব্যৱহাৰৰ অনুমতি দিয়া হৈছে।
উল্লেখ্য, এই নতুন পেট্রোলত ২০ শতাংশ ইথানল থাকিব। মন্ত্ৰালয়ে জনাইছে, ই পৰিবেশৰ পক্ষেও ভাল, কাৰণ ই সাধাৰণ পেট্রোলৰ তুলনাত কার্বন মনোক্সাইড আৰু হাইড্রোকার্বন বহু কম মাত্রাত নির্গত কৰে। অৱশ্যে এই ইন্ধন লোৱাৰ বাবে গাড়ী আৰু বাইক প্রস্তুতকাৰী কেম্পানীবোৰে গাড়ীত এটি ষ্টিকাৰ লগাব লাগিব।
কেন্দ্রীয় চৰকাৰে জাৰি কৰা বিবৃতিত কোৱা হৈছে, “২০২৫ চনৰ ভিতৰত ২০ শতাংশ ইথানল মিশ্রণৰ বাবে, ১২০০ কোটি লিটাৰ এলকহল, ইথানল প্রয়োজন হ’ব। ৭০০ মিলিয়ন লিটাৰ ইথানল সৃষ্টি কৰিবলৈ, চেনি উদ্যোগে ৬ মিলিয়ন টন উদ্বৃত্ত চেনি ব্যৱহাৰ কৰিব লাগিব। আৰু অন্যান্য ফচলৰ পৰা ৫০০ মিলিয়ন লিটাৰ ইথানল প্ৰস্তুত কৰা হ’ব।”
ই-২০ পেট্রোলৰ সুবিধাবোৰ :
* ইয়াৰ ফলত পেট্রোলিয়ামৰ ওপৰত ভাৰতৰ নির্ভৰতা বহুখিনি হ্রাস পাব। বর্তমান ভাৰতে নিজৰ তেলৰ প্রয়োজনীয় ৮৩ শতাংশ আমদানি কৰে।
* কার্বন-ডাই-অক্সাইড হ্রাস পালে বায়ুমণ্ডলৰ ক্ষতিৰ মাত্রাও হ্রাস পাব।
* ইথানলৰ বর্ধিত ব্যৱহাৰে কৃষকসকলক উপকৃত কৰিব, তেওঁলোকৰ উপাৰ্জন বৃদ্ধি পাব৷ কাৰণ ইথানল কুঁহিয়াৰ আৰু অন্যান্য ফচলৰ পৰা প্ৰস্তুত হয়।
* চেনি মিলবোৰে উপাৰ্জনৰ এটি নতুন উৎস পাব য’ৰ পৰা তেওঁলোকে তেওঁলোকৰ কৃষিজ বকেয়া পৰিশোধ কৰিবলৈ সক্ষম হ’ব।
* ইথানল অতি অর্থনৈতিক, সেয়ে গ্রাহকসকলেও পেট্রোলৰ ক্রমবর্ধমান মূল্যৰ পৰা কিছু স্বস্তি পাব।










