![]()
নিউজ ডেস্কঃ
বুধবাৰে মনোনয়ন জমা দিয়াৰ পিছত আজি নন্দীগ্রামতেই থকাৰ কথা আছিল তৃণমূলৰ নেত্রী মমতা বেনাৰ্জী। কিন্তু ভৰিত আঘাত পালে মমতা বেনাৰ্জীয়ে। ফলত কলকাতালৈ উভতে তেওঁ। সমগ্ৰ ঘটনাত বিজেপিৰ দিশে ষড়যন্ত্রৰ অভিযোগ তুলিছে তৃণমূলৰ নেত্রীগৰাকীয়ে।
উল্লেখ্য, আজি হালদিয়াত গৈ মনোনয়ন জমা দিয়াৰ পিছত মন্দিৰত পূজা দিবলৈ গৈছিল মমতা বেনাৰ্জী। সেই সময়তে ভিৰৰ মাজত কেইবাজনেও তেওঁক ঠেলা মাৰি দিয়া বুলি অভিযোগ। ফলত উবুৰি খায় পৰি যায় তৃণমূলৰ নেত্রীগৰাকী। ভৰিৰ লগতে মূৰতো আঘাত পায় মমতাই। অসহ্য বিষ আৰম্ভ হয় ভৰিত। সেই কাৰণে ভ্ৰমণ সামৰি কলকাতালৈ ৰাওনা হয় মমতা বেনাৰ্জী।
আনহাতে, মুখ্যমন্ত্রীক গঁতিওৱাৰ সময়ত আশেপাশে কোনো আৰক্ষী নাছিল বুলিও অভিযোগ। সমগ্ৰ ঘটনাত চক্ৰান্তৰ গোন্ধ পাইছে মমতাই। মিডিয়াৰ সন্মুখত সেই অভিযোগ কৰে মমতাই।










