ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ ভিন্ন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত খালী হৈ থকা শিক্ষক আৰু বিষয় শিক্ষকৰ ৪০৬৭ টা পদ পূৰণৰ বিজ্ঞাপন বাতিল কৰিলে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। বৃহস্পতিবাৰে চৰকাৰে শপতনামাযোগে গুৱাহাটী উচ্চ ন্যায়ালয়ক এই কথা অৱগত কৰে।
উক্ত পদসমূহ পূৰণৰ কাৰণে শিক্ষা বিভাগে হাইস্কুল, উচ্চতৰ মাধ্যমিকৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ন্যায়ালয়ক জনায়। ইয়াৰ পৰিপ্ৰেক্ষিতত এমাহৰ ভিতৰত টেট পৰীক্ষা পতাৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।
উল্লেখযোগ্য যে এই নিযুক্তি সন্দৰ্ভত পূৰ্বে যি বিজ্ঞাপন প্ৰকাশ পাইছিল, তাত কেতবোৰ বিসংগতি আছিল। ইয়াক প্ৰত্যাহ্বান জনাবলৈ উচ্চ ন্যায়ালয়ত কেইবাখনো আৱেদন দাখিল হৈছিল যোৱা দিনকেইটাত।