ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : হৎপিণ্ডৰ স্বাস্থ্য সম্পৰ্কে ভ্ৰান্ত ধাৰণা

ASSAM TIMES POST by ASSAM TIMES POST
March 10, 2021
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : হৎপিণ্ডৰ স্বাস্থ্য সম্পৰ্কে ভ্ৰান্ত ধাৰণা

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন:

১) হৃদৰোগীসকলক এছপিৰিণ টেবলেট খাবলৈ দিয়া হয়। ই তেজ জুলীয়া কৰি ৰখাত সহায় কৰে। এই ক্ষেত্ৰত এক ভ্ৰান্ত ধাৰণা আছে। কোৱা হয় এছপিৰিণে হৃদৰোগত বিশেষ সহায় নকৰে। তদুপৰি ই পাকস্থলীত ৰক্তক্ষৰণৰ সৃষ্টিও কৰিব পাৰে।

কথাটো তেনেকুৱা নহয়। হৃদৰোগৰ বাবে মাত্ৰ ১৬২ মিলিগ্ৰাম এছপিৰিণ খাবলৈ দিয়া হয়। হৃদৰোগৰ সম্ভাৱনা ই বহু পৰিমাণে হ্ৰাস কৰে। তদুপৰি কেতবোৰ কেন্সাৰৰ সম্ভাৱনাও হ্ৰাস কৰে বুলি প্ৰমাণিত হৈছে। এগিলাচ গৰম পানীত টেবলেট মিহলালে তৎকালেই গলি যায় গতিকে পাকস্থলীত বেছি সময় নাথাকে আৰু ঘা হোৱাৰ তথা ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা কম।

২) দুই-এক অধ্যয়নত কোৱা হৈছে যে ভজা বস্ত খালে স্বাস্থ্য হানি নহ’বও পাৰে। বিশেষকৈ জলফাই তেল আৰু সুৰুষমুখী তেলত ভজা বস্তুৱে বিশেষ অপকাৰ নকৰে বুলি কোৱা হৈছে।

প্ৰকৃত কথাটো হ’ল, যি তেলেৰেই নাভাজক কিয়, ভজা খাদ্যত যথেষ্ট পৰিমাণত কেল’ৰি থাকে। ভজাৰ সময়ত খাদ্যত ভালেখিনি তেল সোমাই যায় আৰু তাৰ ফলতেই অধিক কেল’ৰিযুক্ত হয়। তাৰ পৰিৱৰ্তে মাছ-মাংস আদি জুইত সেকি খাব পাৰিলে ভাল। শাক-পাচলি ভাপত সিজাব পাৰি। তেনেকৈ সিজোৱা খাদ্যদ্ৰব্যত কম পৰিমাণৰ জলফাই তেল ছটিয়াই সুস্বাদু কৰিব পাৰি।

৩) এটা অধ্যয়নত কোৱা হৈছে, হৃদপিণ্ডৰক্ষক ঔষধি দ্ৰব্য ষ্টেটিন খোৱাটো বিপদমুক্ত নহয়। অধ্যয়নৰ মতে ৰজোনিবৃত্তি হোৱা মহিলাই ষ্টেটিন খালে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।
সত্যতো হ’ল, ষ্টেটিনে নিম্ন ঘনত্বৰ কলেষ্টেৰ’লৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু হৃদপিণ্ডক সুৰক্ষা দিয়ে। তদুপৰি দীৰ্ঘম্যাদী প্ৰদাহ প্ৰশমিত কৰিও হৃদপিণ্ড আৰু মগজুক সুৰক্ষা দিয়ে। ডায়েবেটিছ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ এইকেইটা ব্যৱস্থা লওক আৰু খোজকঢ়া, মানসিক চাপ নিয়ন্ত্ৰণ, খাদ্য নিয়ন্ত্ৰণ, পৰ্যাপ্ত টোপনি আৰু জিৰণি।

৪) তেজত নিম্ন ঘনত্বৰ কলেষ্টেৰ’ল আৰু চেনিৰ মাত্ৰা সামান্য পৰিমাণে বৃদ্ধি হ’লেও অন্ততঃ দহ বছৰলৈ হৃদৰোগৰ সম্ভাৱনা নাথাকে বুলি কিছুসংখ্যক চিকিৎসকে ধাৰণা কৰে।
ধাৰণাটো ভুল। এই ‘কিছু পৰিমাণ’ৰ বৃদ্ধিয়েই কিছুদিনৰ পাছত হৃদৰোগ হোৱাৰ সম্ভাৱনা দহৰ পৰা ওঠৰ গুণ বৃদ্ধি কৰিব পাৰে। ষ্টোনৰ সম্ভাৱনাও প্ৰায় চাৰিগুণ বৃদ্ধি পায়।

৫) ঊৰ্ধ্ব ৰক্তচাপ কিমান বেছি আৰু নিম্ন ৰক্তচাপ কিমান কম হ’লে বিপদজনক হ’ব পাৰে। ঊৰ্ধ্ব ৰক্তচাপ ১৬০ তকৈ অধিক হ’লেই বিপদজনক। এনেকুৱা হ’লে ততকালেই চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। আনহাতে নিম্ন ৰক্তচাপ কম হ’লেই ভাল। এই ৰক্তচাপ ৮০ৰ পৰা ৬০ৰ ভিতৰত হোৱাটোৱেই স্বাস্থ্যসন্মত।

যদি ইয়াতকৈ ৰক্তচাপ কমে আৰু তৎসত্ত্বেও আপুনি বহাৰ পৰা সহজে উঠিব পাৰে আৰু ভালদৰে কথা পাতিব পাৰে, তেনেহ’লে চিন্তাৰ কাৰণ নাই। আদৰ্শ ৰক্তচাপ হ’ল ১২০/৮০। যদি ১১৫/৭৬ হয়, সেইয়া পৰ্যাপ্ত। এনেকুৱা ৰক্তচাপ থকা ব্যক্তিৰ হাৰ্ট এটেক আৰু ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা কম।

ৰক্তচাপ সঠিক জোখত ৰাখিবলৈ প্ৰচুৰ পৰিমাণে ফল-মূল আৰু শাক-পাচলি, গোটা শস্য (Whole grain) খাব লাগে। অধিক চেনিযুক্ত, সংপৃক্ত চৰ্বিযুক্ত আৰু ট্ৰেন্সকেটযুক্ত আহাৰ পৰিহাৰ কৰিব লাগে। নিতৌ ৩০ মিনিট খোজ কাঢ়িব লাগে। ৮ ঘণ্টা শুব লাগে। মানসিক চাপ নিয়ন্ত্ৰণ ৰাখিব লাগে। ইয়াৰ বাবে প্ৰয়োজন হ’লে দৰবো খাব লাগে।

৬) হৃদৰোগৰ এক প্ৰণিধানযোগ্য কাৰক হ’ল ধূমপান। ধূমপান স্বাস্থ্যৰ বাবে হানিকাৰৰ। এই কথা আনকি ধূমপায়ীসকলেও বুজি পায়। কিন্তু ধূমপান পৰিহাৰ কৰাটো সহজ নহয়। এই ক্ষেত্ৰত নিম্নোল্লিখিত উপায়সমূহ অৱলম্বন কৰিব পাৰে।

signs of heart attack fb | ASSAM TIMES POSTক) ধূমপান পৰিহাৰ কৰাৰ দিনটো হঠাতে ঠিক নকৰিব, অন্ততঃ ৩০ দিন আগেয়ে ঠিক কৰক।

খ) প্ৰতিদিনে খোজ কাঢ়ক। খোজ কাঢ়িলে হৃদপিণ্ড আৰু হাঁওফাঁওৰ স্বাস্থ্যৰ উন্নতি হয়। তদুপৰি ই সংযোগ বৃদ্ধি কৰে।

গ) ধূমপানৰ লালসা ৰোধী দৰব ব্যৱহাৰ কৰক।

ঘ) অকলশৰীয়াকৈ চেষ্টা কৰিলে ধূমপান পৰিহাৰ কৰা সহজ নহয়। গতিকে ধূমপান পৰিহাৰ কৰিবলৈ ইচ্ছা কৰা বন্ধু এজন বিচাৰি লওঁক। ইজনে সিজনক সহায় কৰক, উৎসাহ যোগাওক। সময়ত দুয়োৱে ধূমপান পৰিহাৰ কৰিবলৈ সক্ষম হ’ব।

ঙ) ধূমপান এৰি দিয়াৰ দিনাৰ পৰাই নিক’টিন পেটছ ব্যৱহাৰ কৰক, এই ব্যৱস্থাই ধূমপান পৰিহাৰ কৰাত সহায় কৰে।

৭) মানসিক চাপ নিয়ন্ত্ৰণ—

stress work today tease 150909 0b9559dea5962aac421773b52e42a18c | ASSAM TIMES POSTমানুহৰ মানসিক চাপৰ কথাটো নতুন নহয়, কিন্তু সম্প্ৰতি ইয়াৰ মাত্ৰা বহুগুণ বৃদ্ধি পাইছে। অত্যাধিক মানসিক চাপ, হৃদৰোগ, ডায়েবেটিছ আদি নানা ৰোগৰ প্ৰণিধানযোগ্য কাৰক। মানসিক চাপ নিয়ন্ত্ৰণ কেইটামান উপায় তলত উনুকিওৱা হৈছে—

ক) কামৰ হেঁচাত মানসিক চাপ বৃদ্ধি হ’লে কামৰ পৰা খন্তেক বিৰতি লওঁক। ১০ মিনিটৰ বিৰতিয়েও মানসিক চাপ হ্ৰাস কৰাত ভালেখিনি সহায় কৰিব।

খ) খোজ কাঢ়ক, নাচক, যোগাসন কৰক নাইবা ভাৰোত্তোলন ব্যায়াম কৰক, আপোনাৰ মানসিক চাপ হ্ৰাস পাব।

গ) ঘনিষ্ঠজনৰ সৈতে মন খুলি কথা পাতক। আপোনাৰ মানসিক চাপ কথাৰ লাচতে হ্ৰাস পাব।

ঘ) প্ৰাণায়াম কৰক। অথবা দিনে অন্ততঃ দুবাৰকৈ ১০ মিনিট সময়ৰ বাবে জোৰ জোৰকৈ শ্বাস-প্ৰশ্বাস লওঁক।

ঙ) হাঁহক। হাঁহিয়ে মানসিক চাপ হ্ৰাস কৰে। বন্ধুৰ সৈতে ধেমেলীয়া কথা পাতক। ধেমেলীয়া লেখা পঢ়ক। টি.ভি.ত হাস্যৰস সমৃদ্ধ কাহিনী উপভোগ কৰক। মুঠতে হাঁহক।

চ) কৰ্মস্থানত বা ঘৰত লেভেণ্ডৰ আৰু নেমু ৰাখক। সুগন্ধি স্প্ৰে’ বা সুগন্ধি তেলো ব্যৱহাৰ কৰিব পাৰে। সুগন্ধিয়ে মানসিক চাপ আৰু ৰক্তচাপ হ্ৰাস কৰে।

ছ) দিনে কিছু সময় পোহনীয়া জন্তুৰ সৈতে খেলক। সিহঁতৰ গাত মৰমেৰে হাত বুলাওক। আপোনাৰ মানসিক চাপ হ্ৰাস পাব।
জ) হাতৰ মুঠিত ৰবৰৰ বল এটা লওঁক। বলটো জোৰেৰ চেপক আৰু মুখমণ্ডল তথা শৰীৰৰ সকলো মাংসপেশী ১৫ চেকেণ্ডৰ বাবে সংকুচিত কৰক। তাৰ পাছত বিশ্ৰাম। পুনৰ সংকুচোন। কিছু সময় এই ধৰণে কৰিলে মানসিক চাপ হ্ৰাস পায়।

ঝ) ঋণাত্মক চিন্তা পৰিহাৰ কৰক। ধনাত্মক চিন্তা কৰক। প্ৰতিনিশা দিনটোত ঘটা তিনিটা ভাল কথা স্মৰণ কৰক। দিনটোত যে ভাল ঘটনাও ঘটিছে তাৰ বাবে আনন্দিত হওঁক। ধনাত্মক চিন্তাই মানসিক চাপ হ্ৰাস কৰে।

ডাঃ মৃদুল মহন্ত
ডি এম, কাৰ্ডিঅলজি
মেডিচিটি গুৱাহাটী

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
50
NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন
National-International

NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

July 24, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx