স্বাস্থ্য প্ৰতিবেদন:
১. ডায়েবেটিছ আঁতৰাবলৈ- নয়নতৰা গছৰ ফুলে ডায়েবেটিছ নিয়ন্ত্রণত বিশেষভাবে সহায় কৰে৷ দুই গ্রাম কেঁচা নয়নতৰা ফুল এক কাপ পানীত ভিজাই ৰাখক৷ পিছদিনা পুৱা সেই পানী উতলাই আধা কাপ কৰি তাৰে আধা পুৱা আৰু আধা ৰাতি খাওক।
২. স্মৃতিশক্তি বৃদ্ধিত- স্মৃতিশক্তি বৃদ্ধিৰ বাবে নয়নতৰা ফুল উপকাৰী। নয়নতৰা ফুল, শিপা আৰু পাত দুই গ্রাম পৰিমাণৰ লৈ এক কাপ পানীত সিদ্ধ কৰক। তাৰ পিছত চেকি লৈ আকৌ অলপ উতলাই লওক৷ সেই পানী পুৱা-গধূলি অলপ অলপ খাওক।
৩. কৃমি ৰোগ নিৰাময়- বহু সময়ত ঔষধ খোৱাৰ পিছতো কৃমি ৰোগ ভাল নহয়৷ তেনে ক্ষেত্রত নয়নতৰা ফুল, শিপা আৰু পাত নিশা ভিজাই ৰাখি পুৱা সেই পানী গৰম কৰি খাওক।
৪. লিউকোৰিয়া নিৰাময়ত- বগাস্রাব বা লিউকোৰিয়া এটি ৰক্তবাহিত ৰোগ। ই বিশেষকৈ মহিলাসকলৰ ক্ষেত্রতেই বেছি দেখা যায়। এই সমস্যাৰ বাবে মহিলাসকল দুর্বল হৈ যায়। এই ৰোগ উপশম কৰিবলৈ নয়নতৰা ফুল আৰু পাত বিশেষভাবে উপকাৰী।
৫. ৰক্তচাপ নিয়ন্ত্রণত- হঠাৎ ৰক্তচাপ বৃদ্ধি বা কমাটো স্বাস্থৰ পক্ষে অত্যন্ত বিপজ্জনক। নয়নতৰা ফুল আৰু পাত এই ক্ষেত্রত বিশেষভাবে কামত আহে।
৬. গাঁথিৰ বিষ- বহুতৰেই গাঁথিৰ বিষৰ সমস্যা থাকে। তেওঁলোকৰ বাবে নয়নতৰাৰ ফুল, পাত আৰু শিপাৰ বিশেষভাবে উপকাৰী।
৭. অনিয়মিত পিৰিয়ড- এই সমস্যাত বৰ্তমান সময়ত ৯৯ শতাংশ মহিলা ভোগে। প্রাকৃতিক উপাদান নয়নতৰাই এই ৰোগ নিৰাময়ত সহায় কৰে।













