স্বাস্থ্য প্ৰতিবেদন:
ওজন কমাবলৈ বিচাৰে? ভাবিছে খাদ্য তালিকাৰ পৰা প্রথমতেই বাদ দিব আলু? বহুতৰেই ধাৰণা, আলু খালেই মেদ বা চৰ্বীৰ বোজা বাঢ়ে। এই ধাৰাণাটো সম্পূর্ণ সঠিক নহয়। ১০০ গ্রাম আলুত ১ মিলিগ্রামৰো কম চর্বি থাকে। সেয়ে দৈনিক ডায়েটত আলু ৰাখিব পৰা যায় অনায়াসে। আনকি যিসকলৰ ৰক্তত শর্কৰাৰ মাত্রা ঊর্ধ্বমুখী, তেওঁলোকেও নির্ভয়ে আলু খাব পাৰে।
নির্ভয়ে আলু খাব পাৰে মানেই পেকেটৰ চিপছ বা তেলত ভজা আলু নহয়। বাকলিসহ সিদ্ধ আলু কম তেলত দম, টিক্কা বা তৰকাৰী কৰি খাব পৰা যায়। পুষ্টিবিদৰ মতে, বাকলিসহ সিদ্ধ আলুত আছে পর্যাপ্ত ফাইটোনিউট্রিয়েন্টছ, ফাইবাৰ, ভিটামিন বি কমপ্লেক্স, পটাছিয়াম, কেলচিয়াম, আয়ৰন আৰু ভিটামিন চি।
ইয়াৰে প্রতিটোৱেই শৰীৰত ৰোগ প্রতিৰোধ ব্যৱস্থাক শক্তিশালী কৰাৰ লগতে নানা অসুখৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। আলুৰ বাকলি এৰুৱাই পেলালে আৰু সিদ্ধ কৰা পানী পেলাই দিলে বহু পুষ্টিকৰ উপাদানেই নষ্ট হৈ যায়। বাকলিসহ আলু কৰম গৰম পানীত ভিজাই ৰাখি পৰিষ্কাৰ কৰি ধুই কাটি ৰান্ধা উচিত।
আলুৰ গুণাগুণ সম্পৰ্কে কিছু তথ্য হ’ল :
• আমেৰিকান জাৰ্ণেল অব ক্লিনিকেল নিউট্রিচনত প্রকাশিত এক গৱেষণা-পত্রত জনা গৈছে, আলুত থকা কার্বোহাইড্রেটে ৰক্তত গ্লুকোজৰ মাত্রা স্বাভাবিক ৰখাত সহায় কৰে। ইয়াৰ ফলত স্মৃতিশক্তি আৰু শিকাৰ ক্ষমতা বাঢ়ে।
• সিদ্ধ আলুৰ ৰন্ধন নিয়ম মতে খালে ইনফ্লেমেচন অৰ্থাৎ গাঁথিৰ প্ৰদাহ কমে। ফলত আর্থাৰাইটিছজনিত বাত বিষ প্রতিৰোধ কৰাত সহায় কৰে।
• বাকলিসহ আলুৰ ফাইবাৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগে লগে হজম শক্তি বৃদ্ধিত সহায় কৰে।
• আলুৰ ভিটামিন-বি-৬য়ে স্নায়ুতন্ত্র আৰু মস্তিষ্কক কার্যকৰী কৰি ৰখাত সহায় কৰে। ইউনিভাৰ্ছিটি অব মেৰিলেণ্ড মেডিকেল চেণ্টাৰৰ পুষ্টি বিজ্ঞানীসকলৰ মতে, বাকলিসহ সিদ্ধ আলুৰ তৰকাৰী নিয়ম মতে খালে মানসিক চাপ, অৱসাদ আৰু মনযোগ নোহোৱা হোৱা সমস্যা (এটেনচন ডেফিচিট হাইপাৰএক্টিভ ডিছঅর্ডাৰ) বহুখিনি কমে।
• আলুত যথেষ্ট পৰিমাণে পটাছিয়াম আছে। উচ্চ ৰক্তচাপ নিয়ন্ত্রণত পটাছিয়াম কামত লাগে। যিসকলে নিয়মিত কম পৰিমাণত আলু খায়, তেওঁলোকৰ উচ্চ ৰক্তচাপৰ সমস্যা কিছু নিয়ন্ত্রণত থাকে। আমেৰিকাৰ ইনষ্টিটউট অব ফুড ৰিছার্চৰ খাদ্য বিজ্ঞানীসকলে আলুত থকা এক বিশেষ উপাদান কুকোয়ামাইনছ বিশ্লেষণ কৰি জানিব পাৰিছে, এই উপাদানটিয়ে ৰক্তচাপ স্বাভাৱিক কৰি ৰখাত সহায় কৰে।
• বাকলিসহ সিদ্ধ আলুত পর্যাপ্ত পৰিমাণে কেফেইক এচিড, কেৰোটিনয়েড আৰু ফ্লেভোনয়েডছ নামৰ ফাইটোনিউট্রিয়েন্টছ থাকে। এই সকলোবোৰেই আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। এইবোৰ উপাদানে মানুহক সামগ্রিকভাবে সুস্থ থকাত উল্লেখযোগ্য ভূমিকা লয়।














