নিউজ ডেস্কঃ
বৃহস্পতিবাৰ, ৪ মার্চৰ দিনটো ৱেষ্ট ইণ্ডিজ ক্রিকেটৰ বাবে স্মৰণীয় হৈ থাকিব৷ কাৰণ দলটোৰ মাৰমুখী বেটছমেন কিৰণ পোলাৰ্ডে শ্রীলঙ্কাৰ বলাৰ আকিলা ধনঞ্জয়ৰ এটা অভাৰতে ছয়টা ছয় কোবাই। এই দিনটো ধনঞ্জয়ৰ বাবে সুখ আৰু দুখ উভয়ৰে সংমিশ্ৰণ আছিল৷ কিয়নো তেওঁ এই মেচতে হেটট্রিক অৰ্জন কৰিছিল আৰু পিছৰ অভাৰত ছয়টা বিশাল ছয়ৰ কোবো খাইছিল। পোলাৰ্ডে মেচখনত ১১ বলত ৩৮ ৰান কৰাৰ লগতে ৱেষ্ট ইণ্ডিজক চাৰি উইকেটত জয়ৰ সোৱাদ লোৱাটো গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। এই ইনিংছৰ পিছত এটা অভাৰত ছয়টা ছিক্সাৰ ক্লাবত অন্তৰ্ভুক্ত হোৱাৰ বাবে পোলার্ডক অভিনন্দন জনাইছে ভাৰতৰ প্রাক্তন ক্রিকেটাৰ যুৱৰাজ সিঙে।
যুৱৰাজ সিঙে এক টুইট বার্তাত লিখিছে, “ক্লাবলৈ স্বাগতম, ছয়টা ছয় কোবোৱাৰ বাবে অভিনন্দন… দুর্দান্ত ইনিংছ।”
উল্লেখ্য, পোলার্ডৰ পূৰ্বে ভাৰতৰ যুৱৰাজ সিঙে এবং দক্ষিণ আফ্রিকাৰ হাৰ্ছেল গিবছৰ একেটা অভাৰত ছয়টা ছয় কোবাইছিল।