স্বাস্থ্য প্ৰতিবেদন:
সৌন্দর্যৰ অন্যতম চাবিকাঠি হ’ল আমাৰ মুখখন। মুখ মণ্ডলৰ ভিতৰত অন্যতম হ’ল আমাৰ দাঁত। আমি সকলোৱেই বিচাৰো বগা চকচকীয়া দাঁত পাবলৈ। কিন্তু বহু সময়ত আমাৰ দাঁত হালধীয়া হৈ যায়।
প্রতিদিনে নিয়মিত দাঁত ব্রাছ কৰাৰ পিছতো এই দাঁতৰ পৰা এই হালধীয়া একোতেই দূৰ নহয়। সেয়ে এই প্রতিবেদনত বগা উজ্জ্বল দাঁত পাবলৈ কেইটামান ঘৰুৱা উপায় দিয়া হ’ল।
এলোভেৰা আৰু গ্লিচাৰিন:
এই মিশ্রণটি তৈয়াৰ কৰাৰ বাবে এলপ বেকিং চ’ডা আৰু এক চামুচ এলোভেৰা জেল আৰু তাৰ সৈতে চাৰি চামুচ ভেজিটেবল গ্লিচাৰিন আৰু এক চামুচ লেমন এছেন্সিয়েল অয়ল মিহলাই লওক। সম্পূর্ণ মিশ্রণটিৰে দাঁত ব্রাছ কৰক। মুহূর্তৰ ভিতৰতে লাভ কৰিব উজ্জ্বল আৰু সুস্থ দাঁত।
বেকিং চ’ডা আৰু নেমু:
প্রথমে বেকিং চ’ডাৰ সৈতে এটি নেমুৰ ৰস মিহলাই লওক।মিশ্রণটি বহুখিন ফোমৰ দৰে হোৱাৰ পিছত কিছুক্ষণ অপেক্ষা কৰক।ইয়াৰ পিছত তুলাত মিশ্ৰণটি লগাই দাঁতত ঘহক। এক মিনিটৰ বাবে লগাই ৰাখি পানীৰে ধুই পেলাওক।
মনত ৰাখিব, বেকিং চ’ডা আৰু নেমুৰ ৰস অতিৰিক্ত ব্যৱহাৰত দাঁত ক্ষয় যাব পাৰে। ইয়াৰ ফলত দাঁত ভাঙি যোৱাৰ দৰে সমস্যাই দেখা দিব পাৰে। সেয়ে কেতিয়াও অতিৰিক্ত ব্যৱহাৰ কৰা উচিত নহয়।
কমলাৰ বাকলি:
কমলাৰ বাকলিৰ ভিতৰ ফালেৰে দাঁত ঘঁহাটো সকলোতকৈ নিৰাপদ আৰু প্রাকৃতিক উপায়।কমলাৰ বাকলিত থাকে নিম যিয়ে আপোনাৰ দাঁত সুস্থ ৰখাত সহায় কৰে।
ভিটামিন টুথ মাক্স:
ভিটামিন চি সমৃদ্ধ ফল আৰু পাচলি ভর্তাৰ নাম হ’ল ভিটামিন টুথ মাস্ক। এই মাক্স তৈয়াৰ কৰি দাঁতত ব্যৱহাৰ কৰিলে দাঁত চকচকীয়াকৈ পৰিষ্কাৰ হৈ যায়।বিলাহী, ষ্ট্ৰবেৰী আৰু কমলা ভালদৰে বটি লৈ দাঁতৰ ওপৰত প্রলেপ দি কিছু সময় অপেক্ষা কৰক৷
তাৰ পিছত পানীৰে ধুই পেলাওক।এই প্রক্রিয়াটো কৰিলে কেৱল দাঁত পৰিষ্কাৰ হোৱাই নহয় আপোনাৰ দাঁতত থকা সকলো ক্ষতিকাৰক বীজাণু দূৰ হৈ যাব।
আপেল ছিডাৰ ভিনেগাৰ:
আপেল ছিডাৰ ভিনেগাৰৰ উপকাৰিতা আছে সেয়া আমি জানো৷ কিন্তু ই যে প্রকৃতপক্ষে দাঁত পৰিষ্কাৰ কৰিব পাৰে সেয়া হয়তো আমি কোনেও নাজানো।দাঁতৰ দাগ দূৰ কৰিবলৈ ১ টেবুল চামুচ আপেল ছিডাৰ ভিনেগাৰেৰে দাঁত ব্রাছ কৰক।
ইয়াৰ ফলত আপোনাৰ দাঁত আৰু আলুৰ সকলো বেক্টেৰিয়া ধ্বংস হৈ মুখ পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ কৰি তুলিব।
তিলৰ বীজ:
একমুঠি তিলৰ বীজ লৈ কেইমিনিটমান চোবাই থাকক। ইয়াৰ পিছত দাঁতৰ ভিতৰত লাগি থকা তিল উলিয়াবলৈ কেৱল ব্রাছ ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা সকলোতকৈ প্রাকৃতিক উপায়েৰে দাঁতৰ দাগ দূৰ কৰিব পাৰিব। কিন্তু এই কাম নিয়মিত কৰিব লাগিব আৰু লাহে লাহে দাঁতৰ সকলো দাগ দূৰ হৈ যাব।













