স্বাস্থ্য প্ৰতিবেদন:
বহু বিশেষজ্ঞৰ মতে, অমিতা পাতৰ ৰসে দাঁত বিষৰ উপৰি আলুৰ ফুলাভাব নিৰাময়ত সহায় কৰে। একে সময়তে, মুখৰ দুর্গন্ধও ইয়াৰ ৰসৰ দ্বাৰা নিয়ন্ত্রণ কৰিব পৰা যায়। লগতে মধুৰিআম উচ্চ ৰক্তচাপৰ ৰোগীসকলৰ বাবে অতি কার্যকৰী হিচাবে প্রমাণিত হয়। কিন্তু মধুৰিআমৰ অতিৰিক্ত ব্যৱহাৰৰ ফলত শৰীৰৰ বিভিন্ন ক্ষতি হ’ব পাৰে।
মধুৰিআমৰ অতিৰিক্ত ব্যৱহাৰৰ কুফলসমূহ :
সাধাৰণতে মধুৰিআমৰ অতিৰিক্ত ব্যৱহাৰে গেছৰ সমস্যা সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰি, পেট পোৰা, পেটত অসহনীয় বিষ অনুভৱ কৰিব পাৰে।
মধুৰিআমৰ অতিৰিক্ত ব্যৱহাৰে পেট নষ্ট কৰিব পাৰে। ইয়াৰ কাৰণে হজম প্ৰক্ৰিয়াত বিৰূপ প্রভাৱ পৰিব পাৰে। লগতে হজম শক্তি দুর্বল হ’ব পাৰে।
গর্ভৱতী মহিলাসকলে পেটৰ সমস্যাৰ কাৰণে ইয়াৰ বেছি ব্যৱহাৰ কৰা উচিত নহয়। অতিৰিক্ত ব্যৱহাৰৰ কাৰণে গর্ভৱতী মহিলাসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।
আপুনি যদি এনে কোনো ৰোগত ভুগিছে যাৰ কাৰণে চিকিৎসকে পটাছিয়াম বা ফাইবাৰ ব্যৱহাৰ এৰাই চলিবলৈ কৈছে, তেতিয়াহ’লে মধুৰিআম খোৱাটো এৰাই চলা উচিত।
মধুৰিআমক ঠাণ্ডা ফল বুলি কোৱা হয়৷ সেয়ে সন্ধ্যা সময়ত মধুৰিআম খোৱা উচিত নহয়। ইয়াৰ কাৰণে ঠাণ্ডা লাগিব পাৰে বা আপোনাৰ ডিঙি আৰু কাহৰ সমস্যা হ’ব পাৰে।













