স্বাস্থ্য প্ৰতিবেদন:
ঘিউ আৰু মাখন দুয়োটাই গৰুৰ গাখীৰৰ পৰা আহৰণ কৰা হয়। কোৱা হয় যে উভয়েই পুষ্টিৰ সংমিশ্রণ আৰু খাদ্যৰ গুণাৱলী দুয়োটাতে সমান৷ কিন্তু কিছু ক্ষেত্রত এই দুগ্ধজাত পণ্য ইটোতকৈ সিটো পৃথক।
১. খাদ্যত ব্যৱহাৰ কৰাৰ সময়ত ঘিউ মচুৰ দাইল, তৰকাৰী আদিত ব্যৱহাৰ কৰা হয়। ইয়াক প্রায়েই পুডিঙৰ দৰে মিঠাই প্ৰস্তুতত ব্যৱহাৰ কৰা হয়৷ আনহাতে মাখন চবজি ভজা, মাংস ৰন্ধা আৰু বিভিন্ন ধৰণৰ চচ প্ৰস্তুত ব্যৱহৃত হয়।
২. দুগ্ধজাত উভয় পণ্য সংৰক্ষণৰ ক্ষেত্রত ঘিউক ২-৩ মাহ ধৰি ঘৰৰ তাপমাত্রাত সংৰক্ষণ কৰি ৰাখিব পৰা যায়৷ কিন্তু মাখন অৱশ্যেই ফ্রিজত ৰাখিব লাগিব আৰু বাটাৰ পেপাৰেৰে আবৃত কৰি ৰাখিব লাগিব।
৩. ঘিউত মাখনতকৈও বেছি ফেট জমা হৈ থাকে। ইয়াত ৬০ শতাংশ ছেচুৰেটেড ফেট আছে আৰু প্রতি ১০০ গ্রামত ৯০০ কেলোৰি পোৱা যায়। আনহাতে, মাখনত ট্রান্স ফেট ৩ গ্রাম, ছেচুৰেটেড ফেট ৫১ শতাংশ আৰু ১০০ গ্রাম প্রতি ৭১৭ কিলো কেলোৰি আছে।
৪. ঘিউত মাখনতকৈ কম পৰিমাণে দুগ্ধ প্রোটিন থাকে আৰু ই দুগ্ধজাত পণ্যবোৰত লেক্টজ-চেনিৰূপে ব্যৱহৃত হয়। বাটাৰত লেক্টজ ছুগাৰ আৰু প্রোটিন কেছিন থাকে।













