স্বাস্থ্য প্ৰতিবেদন:
খালী পেটত এক টুকুৰা কেঁচা হালধিৰ এতিয়াও বিকল্প নাই। ৰক্ত পৰিষ্কাৰ ৰাখে। বৃদ্ধি কৰে ৰোগ প্রতিৰোধ ক্ষমতা। কিন্তু কেনেদৰে খাব?
হালধিত এত থকা কাৰকিউমিনে শৰীৰত ৰোগৰ প্রবণতা কমায়৷ ৰক্ত চলাচল বাঢ়ে৷ হালধিৰ বীজাণুনাশক গুণ আছে৷ সকলো মিলাই বাঢ়ে ৰোগ প্রতিৰোধ ক্ষমতা।
গুড় দি নে গাখীৰ মিহলাই খাব?
চিকিৎসকে কয়, গাখীৰেৰে খাব লাগে হালধি। কাৰণ হালধিৰ প্রধান উপাদান কাৰকিউমিনক সম্পূৰ্ণৰূপে কামত লগোৱাৰ ব্যৱস্থা কৰে গাখীৰে৷ ঘন গাখীৰ, যাতে চামনি পৰে, তাৰ লগতেই খাব লাগে কেঁচা হালধি।
কাৰণ, পানী বা গুড়ৰ সৈতে হালধি মিহলাই খালে কাৰকিউমিনৰ বহুখিনি শোষিত নহয়৷ তাৰ বাবেই মলাই গাখীৰৰ আগমন৷ গাখীৰত স্নেহ পদার্থ থাকে। তাৰ লগত মিহলি হৈ কাৰকিউমিনৰ ক্ষমতা বাঢ়ে। ফলত গাখীৰৰ সৈতে হালধি খালে উপকাৰ বেছি৷
আৰু এক প্ৰকাৰে খাব পাৰে হালধি। জালুকৰ সৈতে বটি৷ কাৰণ, জালুকত আছে পিপাৰিন। যিয়ে কাৰমিউমিনৰ কার্যক্ষমতা প্রায় ২০০০ শতাংশ বৃদ্ধি কৰে৷
গুড়ি হালধি খাব পৰা যায়নে?
গুড়ি হালধি একেবাৰেই নহয়৷ কাৰণ ইয়াত ভেজাল হিচাবে থাকিব পাৰে বিষাক্ত মেটালিন হালধি ৰং, বার্লি, ময়দা ইত্যাদি৷ ফলত কেঁচা হালধিয়েই খাব লাগিব। ব্যৱহাৰ কৰাৰ আগতে ভালদৰে ধুই ল’ব লাগিব। তাৰ পিছত তাক শুকাই লৈ পিহি বা বটি খোৱা যায়।
দিনে কিমান পৰিমাণে?
বিজ্ঞানীসকলে কয়, ৫০০-১০০০ মিলিগ্ৰাম হালধি খালে ভাল। কিন্তু এবাৰত ২৫০ মিলিগ্রাম হালধিয়েই যথেষ্ট। পুৱা আৰু ৰাতি দুবেলা ২৫০ মিলিগ্রামকৈ খাব পাৰে। পুৱা খালী পেটত হালধি খাব লাগে। তাৰ পিছত প্ৰায় আধা ঘণ্টা একো নোখোৱাকৈ থাকিব পাৰিলে শৰীৰৰ বাবে সকলোতকৈ ভাল। ৰাতি শোৱাৰ আগতে হালধি-গাখীৰ খাব পাৰে। কিন্তু খেয়াল ৰাখিব যেন বেছিকৈ নাখায়। ক্ষতি হ’ব পাৰে।
বেছিকৈ হালধি খালে কি ক্ষতি হয়?
হালধিয়ে ৰক্ত পাতল কৰি ৰাখে কাৰণে গর্ভাৱস্থাত খুব বেছি নোখোৱাই ভাল৷ যিসকলৰ কিডনিত পাথৰ হোৱাৰ প্রবণতা আছে, তেওঁলোকেও নাখাব৷ কাৰণ হালধিত ২ শতাংশ অক্সালেট আছে। যাৰ প্রভাবত কিডনিত পাথৰ হোৱাৰ আশঙ্কা থাকে৷













