স্বাস্থ্য প্ৰতিবেদন:
বহু নাৰীৰ মুখত ঘন ক’লা নোম দেখা যায় যিয়ে তেওঁৰ মুখৰ শোভা কমাই দিয়ে। ই এক লজ্জাৰো বিষয়। বহুতৰে আকৌ পুৰুষৰ দাড়িৰ দৰে দেখিবলৈ। ফলত মুখৰ সকলো সৌন্দর্য ম্লান নিমিষতে ম্লান কৰি দিব পাৰে।
সাধাৰণতে হৰমোন সংক্রান্তীয় সমস্যাৰ কাৰণে ওঁঠৰ ওপৰত নোম দেখা দিয়ে। বিভিন্ন হেয়াৰ ৰিমুভেল ক্রিম, বিউটি ট্রিটমেন্ট, ফেচিয়েল কৰা হয় এই নোম দূৰ কৰাৰ বাবে। মাহে মাহে ইয়াৰ বাবে খৰচো হয় যথেষ্ট।
কিন্তু তথাপি সম্পূৰ্ণভাৱে দূৰ কৰিব পৰা নাযায়। আকৌ এই কেমিকেলবোৰ দীর্ঘদিন ধৰি ব্যৱহাৰ কৰি থাকিলে ছালৰ নানা সমস্যা হ’ব পাৰে। সেয়ে ইয়াৰ বাবে দুটামান ঘৰুৱা বিধান তলত উল্লেখ কৰা হ’ল।
১. আপুনি সময় বচাবলৈ কিনিব পাৰে ফেচিয়েল হেয়াৰ ৰিমুভেল ৰেজৰ। ই অন্যান্য ৰেজৰতকৈ পৃথক। কেৱল নাৰীৰ বাবেই বনোৱা হৈছে অত্যাধুনিক এই সৰু যন্ত্রটি।
২. দুই টেবুল চামুচ চেনি আৰু এটি নেমুৰ ৰস আৰু ৮-৯ টেবুল চামুচ পানী লৈ এটা বাটিত মিশ্রণ তৈয়াৰ কৰক। এইবাৰ মিশ্ৰণটো উতলালৈকে গৰম কৰক। তাৰ পিছত মিশ্রণটো ঠাণ্ডা হ’বলৈ দিয়ক। ঠাণ্ডা হোৱাৰ পিছত তাক লগাওক। ২০-২৫ মিনিট ৰাখি ধুই পেলাওক। নেমুৰ ৰসে প্রাকৃতিক ব্লিচ হিচাবে কাম কৰে। গৰম চেনি ওঁঠৰ ওপৰৰ নোমৰ সৈতে লাগি যায় আৰু সহজেই নোমবোৰ উভালি অহাত সহায় কৰে।
৩. এক টেবুল চামুচ কর্নষ্টার্চ আৰু চেনিৰ সৈতে কণীৰ বগা অংশ মিহলাই লওক। যি স্থানত নোম দূৰ কৰিব বিচাৰিছে তাত লগাওক। ইয়াক শুকাবলৈ দিয়ক। শুকাই গ’লে সাধাৰণ পানীৰে ধুই পেলাওক। নিয়মিত কেইদিনমান এই মিশ্রণ ব্যৱহাৰ কৰিলে দেখিব অতি সোনকালে নোমৰ অকাল বিস্তাৰৰ পৰা ৰেহাই পাব।













