![]()
নিউজ ডেস্কঃ
সমলিঙ্গৰ বিয়া ভাৰতীয় সংস্কৃতিৰ বিৰোধী বুলিলে কেন্দ্ৰীয় চৰকাৰে। সমলিঙ্গত বিয়াত আইনী মান্যতা বিচাৰি দিল্লী হাইকোর্টত দাখিল কৰা পিটিচনৰ বিৰোধিতা কৰে কেন্দ্রই। বিবৃতিটোত কোৱা হয়, ‘আইনে কেৱল পুৰুষৰ সৈতে মহিলাৰ বিয়াকেই মান্যতা দিয়ে।’
উল্লেখ্য, চাৰিজন এলজিবিটিয়ে দিল্লী হাইকোর্টত পিটিচন দাখিল কৰিছিল। তেওঁলোকৰ দাবী আছিল, স্পেচিয়েল মেৰিয়েজ এক্টৰ অধীনত লিঙ্গ নির্বিশেষে দুজন ব্যক্তিৰ বিয়াক বৈধ ঘোষণা কৰা হওক। এই দাবীৰ বিৰোধিতা কৰি কেন্দ্রই কয়, ভাৰতীয় পৰিয়ালতন্ত্রৰ সৈতে একেবাৰেই খাপ নাখায় একে লিঙ্গই একেলগে থকা বা যৌন মিলন। ভাৰতীয় পৰিয়ালৰ চিন্তাধাৰাৰ কেন্দ্রস্থলত আছে স্বামী, স্ত্রী আৰু সন্তান। এই স্বামী আৰু স্ত্রী যে শাৰীৰিকভাবে পুৰুষ আৰু নাৰী হ’ব সেয়া পূৰ্বনিৰ্ধাৰিত। স্বামী আৰু স্ত্রীৰ মিলনৰ ফলতেই সন্তানৰ জন্ম হয়।










