![]()
নিউজ ডেস্কঃ
চৰকাৰীভাবে ঘোষণা কৰা হ’ল, ডিজিটেল মাধ্যমৰ ওপৰত দৃষ্টি ৰাখিব কেন্দ্রই। স্পষ্টভাৱে জনোৱা হ’ল, দেশৰ সার্বভৌমত্ব আৰু অখণ্ডতাত আঘাত হানিলে কঠোৰ শাস্তি হ’ব সেই নির্দিষ্ট ডিজিটেল মাধ্যমৰ। স্বাধীনতাৰ সৈতে দায়িত্ববোধ থকাটো জৰুৰী বুলি জনালে কেন্দ্রীয় চৰকাৰে। ৩ মাহ পিছত সকলো নিয়ম-বিধি প্ৰণয়ন কৰিব চৰকাৰে। মাজৰ সময়খিনি বুজাপৰাৰ মাজত চলিব লাগিব ডিজিটেল মাধ্যমৰ গৰাকীসকলে।
বৃহস্পতিবাৰে সংবাদমেলত কেন্দ্রীয় তথ্য-প্রযুক্তি মন্ত্রী ৰবি শঙ্কৰ প্রসাদে নিয়মাৱলী (কোড অব এথিক্স) দাখিল কৰে। সংশ্লিষ্ট মন্ত্ৰালয়বোৰৰ হাতত থাকিব নজৰদাৰিৰ বিভিন্ন দায়িত্ব। নেট মাধ্যমৰ নিয়মাৱলীও জনালে মন্ত্রীগৰাকীয়ে। ফৰৱার্ড কৰা মেছেজ প্রথমে কোনে পঠাইছে, সেয়া চিনাক্ত কৰা হ’ব। ভাৰতৰ বাহিৰৰ পৰা অহা কোনো বিষয়বস্তুৰ ক্ষেত্রত চোৱা হ’ব ভাৰতত কোনে সেইটো প্রথম ফৰৱাৰ্ডিং আৰম্ভ কৰিছে। কাৰোবাৰ নেট মাধ্যমৰ প্রফাইলত বেআইনী তথ্য থাকিলে, সেই তথ্য প্রকাশৰ কাৰণ দেখুৱাব লাগিব।
ৰবি শঙ্কৰ প্রসাদে জনায়, ‘‘ভাৰতবর্ষত ব্যৱসায় কৰাৰ ক্ষেত্রত ডিজিটেল মাধ্যমৰ পথত কোনো বাধা দিয়া নহ’ব। তেওঁলোকৰ কাম প্রশংসনীয়। স্পষ্ট কৰি দিয়া ভাল, চৰকাৰে কিন্তু সমালোচনাক স্বাগতম জনায়। নেট মাধ্যমৰ সহায়ত মানুহে প্রশ্ন তুলিব পাৰে। সেইটোৰ প্রয়োজন আছে। নেট মাধ্যমৰ অপব্যৱহাৰ হ’লে নেটিজেনসকলেই তাৰ বিৰুদ্ধে পদক্ষেপ কৰক। কিন্তু যেনেদৰে মহিলাসকলৰ আপত্তিকৰ ছবি কাটি কাটি নেট মাধ্যমত দেখুওৱা হৈছে, সেয়া অন্যায়। ইয়াক সভ্যতা বুলি নকয়। অর্থনৈতিক প্রতাৰণা আৰু ভুৱা খবৰেৰে ভৰি পৰিছে দেশ।’’ মন্ত্রীগৰাকীৰ দাবী, নেট মাধ্যমৰ সহায়ত দেশৰ সীমাৰ বাহিৰৰ পৰাও মানুহে সন্ত্রাসবাদ আৰু হিংসা বিয়পোৱাৰ চেষ্টা কৰি আহিছে। এনে অভিযোগো তেওঁলোকৰ ওচৰত জমা হৈছে।










