![]()
নিউজ ডেস্কঃ
লাডাখৰ ইঞ্জিনিয়াৰ, শিক্ষাবিদ তথা ইন’ভেটৰ ছোনম ৱাংচুকে টুইটাৰত জনাইছে যে তেওঁৰ দলে এনে এক ছ’লাৰ হিট টেণ্ট নিৰ্মাণ কৰিছে, যিটো লাডাখৰ হাড় কঁপোৱা ঠাণ্ডা আৰু উচ্চতাত মোতায়েন ভাৰতীয় জোৱানসকলৰ বাবে উপকাৰী প্রমাণিত হ’ব।

ছোনমে টুইটত কয়, যেতিয়া বাহিৰৰ তাপমাত্র মাইনাছ ১৪ ডিগ্রি চেলচিয়াছত থাকিব, তেতিয়া এই টেণ্টৰ ভিতৰৰ তাপমাত্রা ১৫ ডিগ্রি অথবা তাৰ আশেপাশে থাকিব। কেৱল সেয়াই নহয়, ছোনমৰ মতে এই টেণ্টৰ বাবে কোনো ইন্ধনৰ প্ৰয়োজন নাই, এই টেণ্ট পৰিবেশ বান্ধৱ।

ছোনমৰ দলৰ দ্বাৰা নিৰ্মাণ কৰা এই টেণ্ট পূর্বৱর্তী টেণ্টৰ দ্বিতীয় সংস্কৰণ। ছোনমে ১০ বছৰ পূৰ্বে একে ধৰণৰ এটি টেণ্ট বনাইছিল। শীতৰ সময়ত লাডাখবাসীক স্বস্তি দিয়াৰ বাবে ছোনমে এক দশক পূৰ্বে এটি প্রোটোটাইপ নিৰ্মাণ কৰিছিল। ছোনমে কয়, চৰকাৰে আমাৰ এই টেন্টৰ সলনি কাপোৰৰ টেণ্টেই আবণ্টন কৰিছিল, আৰু চৰকাৰৰ সেই সিদ্ধান্ত ভুল আছিল। এইবাৰ ছোনম আৰু তেওঁৰ টীমে ভাৰতীয় জোৱানসকলৰ বাবে এই নতুন টেণ্ট নিৰ্মাণ কৰিছে।










