নিউজ ডেস্কঃ
সপোন পূৰণ হ’ল ঈশান্ত শর্মাৰ। আজি নৰেন্দ্র মোদী ষ্টেডিয়ামত শততম টেষ্ট খেলিবলৈ নামে ভাৰতীয় ফাষ্ট বলাৰগৰাকী। আৰু নামিয়েই প্রথম উইকেটটিও নিজৰ নামত কৰি লয় তেওঁ। ইংলেণ্ডৰ অপেনাৰ ডমিনিক ছিবলক শূন্য ৰানত পেভিলিয়নমুখী কৰে তেওঁ।
মেচ আৰম্ভণিৰ পূৰ্বে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সম্বর্ধনাও জনায় ভাৰতীয় ফাষ্ট বলাৰ ঈশান্ত শর্মাক। ৰাষ্ট্রপতিৰ উপৰি ঈশান্তক সম্বর্ধনা জনায় গৃহমন্ত্রী অমিত শ্বাহেও।
উল্লেখ্য, ঈশান্ত শর্মাই কপিল দেৱৰ পিছত দ্বিতীয় ভাৰতীয় ফাষ্ট বলাৰ হিচাপে এই কীৰ্তিমান স্থাপন কৰে। এই বিশেষ মাইলফলক স্পর্শ কৰাৰ দিনটোত অধিনায়ক বিৰাট কোহলিয়েও প্রশংসাৰে উপচাই দিয়ে ঈশান্ত শৰ্মাক।