![]()
নিউজ ডেস্কঃ
বিগত প্রায় এক মাহ ধৰি একেৰাহে মূল্যবৃদ্ধিৰ পিছত অৱশেষত সাধাৰণ জনতাৰ বাবে পেট্র’-পণ্যৰ মূল্য কমোৱাৰ পথত আগবাঢ়িছে কেন্দ্রীয় চৰকাৰ। পেট্র’-পণ্যৰ মূল্য কমোৱাৰ বাবে সম্প্ৰতি পেট্রোল-ডিজেলক জিএছটিৰ অধীনলৈ অনাৰ পৰিকল্পনা চলিছে বুলি জনাইছে কেন্দ্রই। ইয়াৰ ফলত পেট্রোল আৰু ডিজেলৰ মাত্ৰাধিক মূল্যত লেকাম টনাত সম্ভৱ হ’ব বুলি মত কেন্দ্রীয় বিশেষজ্ঞসকলৰ।
মঙ্গলবাৰে কেন্দ্রীয় পেট্রোলিয়াম মন্ত্রী ধর্মেন্দ্র প্রধানে কেন্দ্রৰ এই বিশেষ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে। তেওঁ জনোৱা মতে, পেট্রোল আৰু ডিজেলক সম্প্ৰতি জিএছটিৰ অধীনলৈ অনাৰ প্রয়াস চলাইছে কেন্দ্রই। যাৰ ফলত পেট্র’-পণ্যৰ মূল্য কিছু হ’লেও কমিব। সাধাৰণ মানুহেও স্বস্তি পাব। উল্লেখ্য, এই মুহূর্তত পেট্র’-পণ্যৰ মূল্যত যদি সর্বোচ্চ ২৮ শতাংশ হাৰত কৰ লগোৱা হয় তেন্তে পেট্র’-পণ্যৰ মূল্য একে কোবে ১৫-২০ টকা পর্যন্ত কমি যাব পাৰে বুলি আশা কৰিছে বিশেষজ্ঞ মহলে।










