![]()
নিউজ ডেস্কঃ
দিল্লীৰ ফিৰোজ শ্বাহ কোটলাৰ পিছত এইবাৰ আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামৰ নাম সলনি। অৰুণ জেটলিৰ পিছত মটেৰাৰ নামকৰণ হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নামত।
নতুনকৈ নিৰ্মাণৰ পিছত এই ষ্টেডিয়াম এতিয়া বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়াম। ১ লাখ ১০ হাজাৰ দর্শকৰ আসনবিশিষ্ট এই নৱনিৰ্মিত ষ্টেডিয়ামটো। যোৱা বছৰে নৰেন্দ্র মোদী আৰু ডোনাল্ড ট্রাম্পে এই ষ্টেডিয়ামৰ উদ্বোধন কৰে। আজি তাত প্রথম আন্তর্জাতিক মেচৰ আগতে হ’ল ভূমিপূজন। ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ উপৰি উপস্থিত আছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। তাতেই অমিত শ্বাহে কয়, এই ষ্টেডিয়ামৰ নাম এতিয়াৰে পৰা পৰা নৰেন্দ্র মোদী ষ্টেডিয়াম। ৬ মাহৰ ভিতৰত ইয়াত এছিয়াড, কমনৱেল্থ গেমছ আয়োজন কৰিবলৈ আহমেদাবাদ প্রস্তুত।
উল্লেখ্য, আহমেদাবাদৰ নভৰংপুৰাত মটেৰা ষ্টেডিয়ামৰ উদ্বোধন হয় ১৯৮৩ চনৰ ১২ নৱেম্বৰত। নাম আছিল চর্দাৰ বল্লভভাই পেটেল ষ্টেডিয়াম। পুৰণি ষ্টেডিয়াম ভাঙি নতুন ষ্টেডিয়াম গঢ়ি তোলাৰ পিছত এইবাৰ সেইটোৰ নামো সলনি হৈ গ’ল। আজিৰ ভূমিপূজন অনুষ্ঠানত অন্যান্যসকলৰ ভিতৰত উপস্থিত থাকে কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজু, বিচিচিআইৰ সচিব জয় শ্বাহ।










