![]()
নিউজ ডেস্কঃ
যদি আপোনাৰ বিদ্যুৎ বিল ৪-৫ হাজাৰৰ বেছি আহে তেতিয়াহ’লে আপুনি মূৰে-কপালে হাত দিয়াটো নিশ্চিত। কিন্তু কাৰোবাৰ দুমাহৰ বিদ্যুতৰ বিল যদি ৮০ কোটি টকা আহে তেন্তে তেওঁ কি কৰিব ? মুম্বাইৰ ওচৰৰ ভাছাইৰ এজন ব্যক্তিৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছে। বিদ্যুৎ বিভাগে ভাছাইৰ বাসিন্দা গণপত নায়েকক ৮০ কোটি ১৩ লাখ ১৩ হাজাৰ ৯৯০ টকাৰ বিল দিয়ে। এয়া কিন্তি পাঁচ-দহ বছৰৰ বকেয়া বিল নহয়, কেৱল দুই মাহৰ বিল। এই বিল জানুৱাৰীত প্রেৰণ কৰা হৈছে। গণপত নায়েকে এটি সৰু ধানকল চলায়। লকডাউনৰ কাৰণে তেওঁৰ কাম-কাজ একেবাৰে বন্ধ আছিল। এনে পৰিস্থিতিত দুই মাহৰ বাবে ৮০ কোটি টকাৰো বেছি এই বিল দেখি তেওঁ আৰু তেওঁৰ পৰিয়াল হতবাক হৈ পৰে।
উল্লেখ্য, বিগত ২০ বছৰ ধৰি গণপত নায়েকে ভাছাইৰ নির্মল এলেকাত এটি সৰু ধানকল চলাই নিজৰ লগতে পৰিয়াল পোহপাল দি আহিছে। তেওঁ কয়, এই পৰ্যন্ত তেওঁৰ বিদ্যুৎ বিল মাহত এক হাজাৰ টকাৰ অলপ বেছি আছিল। লকডাউনত তেওঁৰ মিলটো বহু মাহ ধৰি বন্ধ আছিল৷ তথাপি কেনেদৰে দুই মাহত ইমান বিল আহিব পাৰে? বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাক লৈ প্রশ্ন তুলিছে তেওঁ।










