বিশেষ প্ৰতিবেদন:
নায়েগ্রা জলপ্রপাত নায়েগ্রা গর্জৰ দক্ষিণ প্রান্তত থকা তিনিটা জলপ্রপাতৰ এটা গ্রুপ, যি কানাডাৰ অন্টেৰিঅ’ প্রদেশ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ নিউ ইয়র্ক ৰাজ্যৰ মাজৰ সীমান্তত বিস্তৃত হৈ আছে।
উল্লেখ যোগ্য যে, বৰ্তমান এই নায়েগ্ৰা জলপ্ৰপাত ঠাণ্ডাত গোট মাৰি গ’ল ৷ ইয়াৰ জলধাৰা গোট মাৰি বৰফৰ ৰূপ ল’লে। নায়েগ্রা জলপ্রপাত পৰিদৰ্শন কৰিবলৈ অহা পর্যটকসকল বিস্মিত হৈ পৰিছে।
চকুৰে মনিব পৰা দূৰত্বলৈকে কেৱল বৰফ আৰু বৰফ । এই জলপ্ৰপাতৰ চাৰিওফালৰ এলেকা সমূহো বৰফে ঢাকি ৰাখিছে । নায়েগ্ৰাৰ এই ৰূপক বহুতে আখ্যা দিছে হোৱাইট ৱ’ণ্ডাৰলেণ্ড বুলি ৷