কামৰুল খান:
আজি অসমৰ পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত সক্ৰিয় হৈ থকা পাঁচটা সন্ত্ৰাসবাদী সংগঠনৰ হাজাৰোধিক সদস্যই আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহে৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্রত উগ্ৰপন্থী সংগঠন কেইটাই অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহে।
শ্রীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম আৰক্ষী আৰু অসম চৰকাৰৰ গৃহবিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহিছে কাৰ্বি আংলংৰ ৫ বিদ্ৰোহী সংগঠন ক্ৰমে পিডিচিকে, কে এল এফ, কেএলএনএলএফ,কেপিএলটি, ইউপিএলএ মুঠ ১০৪০ গৰাকীৰ সদস্য।
ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আত্মসমৰ্পণ কৰাৰ লগতে জমা দিয়ে বৃহৎ পৰিমাণৰ আধুনিক অস্ত্ৰ-শস্ত্ৰ৷ অস্ত্ৰ সম্বৰণ কৰা ভিতৰত আছে কেপিএলটি ২৫৪ গৰাকী কেডাৰ।সংগঠনটোৱে ৬৯ টা অস্ত্ৰ আৰু ৪০৯জাই গুলি জমা দিয়ে।
কেএলএনএলএফৰ ৩৩৮গৰাকী কেডাৰে ১৫১টাকৈ অস্ত্ৰ আৰু ৮৯৯৯টাকৈ সক্ৰিয় গুলি জমা দিয়ে।
ইউপিএলএ ১৬৮ গৰাকী কেডাৰে ৮১টা অস্ত্ৰ, ৭৪৯টা গুলি আৰু ৮টা গ্ৰেণেড জমা দিয়ে।
পিডিচিকে ২২০ গৰাকী কেডাৰে ২৫টা অস্ত্ৰ, ৫০০টা গুলি জমা দিয়ে অসম আৰক্ষীক।
একেদৰে কে এল এফৰ ৬০ গৰাকী কেডাৰে ১২টা অস্ত্ৰ, ৫৪৬টা গুলি আৰু ২টা গ্ৰেণেড জমা দিয়ে অস্ত্ৰ সম্বৰণৰ সময়ত।
উল্লেখ্য, ভাৰত চৰকাৰৰ সংশোধিত উত্তৰ-পূবৰ উগ্ৰপন্থী পুনৰ সংস্থাপন আঁচনিৰ অধীনত এইসকল মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা সদস্যৰ পুনৰ সংস্থাপনৰ কাম আৰম্ভ কৰা হৈছে৷ এওঁলোকৰ প্ৰত্যেকেই মাহিলি ৬ হাজাৰ টকাকৈ জলপানিৰ লগতে তিনি বছৰৰ অন্তত সদ আচৰণৰ চৰ্তত চাৰি লাখকৈ এককালীন সাহায্য লাভ কৰিব৷
ইতিমধ্যে ১৫১৫জন সদস্যই এই চাৰি লাখ টকাৰ এককালীন সাহায্য লাভ কৰিছে৷ আনহাতে, অসম চৰকাৰৰ স্বাৱলম্বন আঁচনিৰ অধীনত ১৮০০জন মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থীক এছআইপিআৰডিৰ অধীনত বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণ দিয়া হৈছে৷
ইয়াৰে ১১৯২জনক আত্মনিৰ্ভৰশীল হ’বলৈ ১ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হৈছে৷ উল্লেখ অস্ত্ৰসম্বৰণৰ কাৰ্যসূচীত আজিৰ অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেন ছিং বে’, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং ,অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তসহ শীৰ্ষ আৰক্ষী বিষয়া সকল উপস্থিত থাকে।













