![]()
নিউজ ডেস্কঃ
মধ্যপ্রদেশত পুনৰ পোহৰলৈ আহিছে নৃশংস ধর্ষণৰ ঘটনা। ৰাজ্যৰ শাসকীয় দল বিজেপিৰ এজন নেতাসহ চাৰি ব্যক্তিৰ বিৰুদ্ধে ২০ বছৰীয়া এগৰাকী যুৱতীক গণধর্ষণৰ অভিযোগ উঠিছে। কেৱল সেয়াই নহয়, এই ঘৃণনীয়া কাৰ্যৰ পূৰ্বে যুৱতীগৰাকীক জোৰ কৰি মদ্যপান কৰোৱাৰো অভিযোগ। ইতিমধ্যে দাখিল হৈছে গোচৰ। চাৰি অভিযুক্তৰ সন্ধানত তদন্তত নামিছে আৰক্ষী। এই ঘটনা প্রকাশ্যে অহাৰ পিছতেই অভিযুক্ত বিজেপিৰ মণ্ডল সভাপতি বিজয় ত্রিপাঠীক দলৰ পৰা বহিষ্কাৰ কৰা বুলি জানিব পৰা গৈছে।
ঘটনাটো সংঘটিত হৈছে মধ্য প্রদেশৰ ছাহদুল জিলাত। আৰক্ষী সূত্রে জানিব পৰা মতে, যোৱা ১৮ ফেব্রুৱাৰীত যুৱতীগৰাকীক এখন গাড়ীত অপহৰণ কৰে অভিযুক্তকেইজনে। তাৰ পিছত তেওঁক জেইটপুৰ আৰক্ষী থানাৰ অন্তর্গত গাদাঘাট এলেকাৰ এখন ফার্ম হাউছত আবদ্ধ কৰি ৰখা হয়। তাতেই যুৱতীগৰাকীক জোৰ কৰি মদ খুউওৱা হয়। তাৰ পিছত একেৰাহে দুদিন ধর্ষণ কৰা হয়। ইয়াৰ পিছত ২০ তাৰিখে যুৱতীগৰাকীক তেওঁৰ ঘৰৰ সন্মুখতেই পেলাই থৈ পলায়ন কৰে চাৰি অভিযুক্ত।
দেওবাৰে থানালৈ গৈ বিজেপি মণ্ডল সভাপতি বিজয় ত্রিপাঠীসহ চাৰিওজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে যুৱতীগৰাকীয়ে। তেতিয়াই ঘটনাৰ কথা প্রকাশ্যে আহে। চাৰি অভিযুক্তৰ উপযুক্ত শাস্তিৰ দাবী তোলে স্থানীয় বাসিন্দাসকলে। চাপত পৰি বিবৃতি দিবলৈ বাধ্য হয় ৰাজ্যখনৰ শাসকীয় দল বিজেপি। অভিযুক্ত মণ্ডল সভাপতিক দলৰ পৰা বহিষ্কাৰ কৰা হয়। তেওঁৰ সৈতে দলৰ আৰু কোনো সম্পর্ক নাই বুলিও স্পষ্ট কৰি দিয়া হয়। বাতিল কৰা হৈছে তেওঁৰ সদস্যপদো।
অৱশ্যে এতিয়ালৈকে অভিযুক্তকেইজনৰ কাকোৱেই গ্রেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। সিহঁতৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।










