![]()
নিউজ ডেস্কঃ
পিঠিৰ পৰা ডেউকা ক’লা বৰণৰ। বুকুখন বগা। কাণৰ দুয়োকাষৰ পৰা ডিঙি আকৌ হালধীয়া ৰঙৰ। পেঙ্গুইন বুলি ক’লে এনেকুৱাই বর্ণনা। কিন্তু হালধীয়া ৰঙৰ পেঙ্গুইনৰ কথা কেতিয়াবা শুনিছেনে? যাৰ সম্পূৰ্ণ শৰীৰৰ কোনো অংশত ফুট এটা মানো ক’লা ৰং নাই। কেৱল হালধীয়া আৰু গাকীৰ-বগা ৰঙৰ সমাহাৰ।
আচলতে ফটোগ্রাফাৰজনেও চকুৰ সন্মুখত এই হালধীয়া ৰঙৰ পেঙ্গুইন দেখি প্রথমতে বিশ্বাস কৰিব পৰা নাছিল। ফটো তোলাৰ পূৰ্বে ভাবিছিল, যেন তেওঁ সপোন দেখিছে।
ৱাইল্ড লাইফ ফটোগ্রাফাৰ ইয়ুভছ আডামছৰ কেমেৰাত ধৰা পৰিছে এই বিৰলতম হালধীয়া ৰঙৰ পেঙ্গুইনটি। দুমাহৰ ফটোগ্রাফি এক্সপিডিচনৰ বাবে আন্টার্কটিকা আৰু দক্ষিণ আটলান্টিকলৈ ওলাইছিল তেওঁ। ট্যুৰৰ শেষত আহি উপস্থিত হয় দক্ষিণ জর্জিয়াৰ এটা দ্বীপত। তাতেই ১ লাখ ২০ হাজাৰ কিং পেঙ্গুইনৰ কল’নিত ফটো তোলাৰ বাবে উপস্থিত হয় তেওঁ। ফটো তোলাৰ বাবে যেতিয়া কেমেৰা বাহিৰ কৰিছিল, তেতিয়াই এই উজ্জ্বল, হালধীয়া ৰঙৰ পেঙ্গুইনটি চকুত পৰে আডামছৰ। এক মুহূর্তও নষ্ট নকৰি একাধিক ফটো তোলে তেওঁ।
আডামছে জনায়, ১ লাখ ২০ হাজাৰৰ ভিতৰত এইটোৱে একমাত্র পেঙ্গুইন যাৰ গাৰ ৰং হালধীয়া। আচলতে গাৰ ৰং হালধীয়া হোৱাৰ কাৰণ হ’ল এইটো লুইকিজম অর্থাৎ আলবিনো প্রজাতিৰ। এই প্রজাতিৰ প্রাণীবোৰৰ গাত মেলানিন কম থকা বাবে শৰীৰ বেৰঙীন হৈ যায়। কেতিয়াবা সমগ্ৰ শৰীৰ, কেতিয়াবা কেৱল নেজ, হাত, ঠেং বা মুখৰ ৰং এনে হয়। কিন্তু সিহঁতৰ চকুৰ ৰং স্বাভাৱিক থাকে। আডামছে জনায়, এনে মুহূর্তৰ সম্মুখীন হোৱাটো ভাগ্যৰ বিষয়। সম্প্রতি ইনষ্টাগ্রামত ফটোখন আপলোড কৰাৰ পিছত প্রশংসাত উটি গৈছে সমগ্ৰ বিশ্ব। ইয়াৰ আগতে বগা ৰঙৰ জিৰাফ, সাপ, কেঙ্গাৰু আৰু হালধীয়া ৰঙৰ কাছও দেখা গৈছিল।










