![]()
নিউজ ডেস্কঃ
ফাইজাৰৰ টীকাৰ পার্শ্বপ্রতিক্রিয়াক লৈ চৰ্চা আৰু টীকাৰ সুৰক্ষা সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই প্রশ্ন তোলাৰ সময়তে ইয়াৰ কার্যকাৰিতাক লৈ নতুন ৰিপোর্ট দিছে ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ে। তেওঁলোকৰ দাবী, ফাইজাৰৰ টীকাৰ ড’জত সংক্রমণ হাৰ কমিছে দেশখনত।
উল্লেখ্য, যোৱা বছৰৰ ২০ ডিচেম্বৰৰ পৰা মার্কিন কোম্পানী ফাইজাৰ আৰু তেওঁলোকৰ সহযোগী জার্মান ৰিছাৰ্চ চেণ্টাৰ বায়োএনটেকৰ গণহাৰত টীকাকৰণ আৰম্ভ কৰে ইজৰাইলে। দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ দাবী, এই পৰ্যন্ত ফাইজাৰৰ টীকাৰ ড’জ ৮৯.৪ শতাংশ কার্যকৰী হৈছে। মৃত্যুৰ হাৰ কম। আনকি জটিল পার্শ্বপ্রতিক্রিয়া দেখা যোৱা নাই বুলিও দাবী স্বাস্থ্য বিষয়াসকলৰ।










