ASSAM TIMES POST
গুৱাহাটীঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম এইবাৰো যে সহজ নহ’ব, মঙলবাৰে সেই কথা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সোঁৱৰাই দিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ইয়াৰ ইংগিত স্বৰূপেই গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাৰ সন্মুখন অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তিয়ে পুৱাৰ ভাগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
কিয়নো ইয়াত কেন্দ্ৰীয় ৰাজ্যিক শক্তিমন্ত্ৰী (স্বতন্ত্ৰ) ৰাজকুমাৰ সিঙে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ শক্তিমন্ত্ৰী আৰু নদীবান্ধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ মূৰব্বীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মঙলবাৰৰ দিনটোত। ইয়াত অখিল গগৈয়ে কয় যে এই বৈঠকখনত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি উত্তৰ-পূবৰ সকলো নদীবান্ধ মুকলি কৰি দিবৰ বাবে সিন্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে।
প্ৰতিবাদৰ শেষত কৃষক মুক্তিয়ে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ হাতত মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙৰ উদ্দেশ্যে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গেৰুকামুখত উক্ত প্ৰকল্পটো নিৰ্মাণ সম্পৰ্কত থকা সকলো বাধা আঁতৰ কৰাতে নতুন জীৱন লাভ কৰিলে ইয়াৰ নিৰ্মাণৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম চমুকৈ এনএইচপিচিয়ে।
শেহতীয়াকৈ প্ৰকল্পটোৰ পুনৰ কাম আৰম্ভ কৰিবলৈকে অসম চৰকাৰৰে এনএইচপিচিৰ এখন চুক্তিও স্বাক্ষৰিত হৈছে। ইফালে ইয়াৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও দল-সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যোৱা কিছুদিন ধৰি।













