ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : শ্রীমস্ত শংকৰদেৱ মহাবিদ্যালয়ব অধীনত কার্বি আংলং জিলাৰ বকলীয়াঘাটত স্থাপন হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ৰ আজি আধাৰশিলা স্থাপন কৰা হয়। বকলীয়াঘাট ক্রীড়া সস্থাৰ খেলপথাৰৰ সমীপত থকা শ্রীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰ চৌহদত স্থাপন হবলগীয়া মহাবিদ্যালয়খনৰ আজি আধাৰশিলা স্থাপন কৰে অসম চৰকাবৰ পার্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্রী চুম ৰংহাঙে।
আজি দিনৰ প্রায় বাৰ বজাত এই উদ্দেশ্যে আয়ােজিত হােৱা এক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্রদান কৰা ভাষণত বকলীয়াঘাটত এনে এখন মহাবিদ্যালয় স্থাপন হােৱাত গভীৰ সন্তুষ্টি প্রকাশ কৰাৰ লগতে মহাবিদ্যালয়খনৰ উন্নয়নৰ কাম-কাজৰ ক্ষেত্রত চৰকাৰৰ পৰা সকলাে ধৰণৰ সহায়ৰ হাত আগবঢ়াই যােৱা হব বুলি আশ্বাস প্রদান কৰে ৷
সভাখনত উপস্থিত থাকি প্রদান কৰা ভাষণত শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদক বাবুল বৰাই এটা সময়ত বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত কার্বি আংলঙত আজি পূর্বৰ পৰিবেশ নাই বুলি মন্তব্য কৰি জিলাখনত সম্প্রতি গঠনমূলক কাম-কাজৰ বাবে এক সৌহার্দপূর্ণ পৰিৱেশৰ সৃষ্টি হােৱা বুলি মত আগবঢ়ায়। বকলীয়াঘাটত স্থানীয় ৰাইজে এখন মহাবিদ্যালয় স্থাপনৰ দৰে সাহসী সিদ্ধান্ত গ্রহণ কৰা বুলি মত প্রকাশ কৰি এনে সিদ্ধান্তই দেশ আৰু জাতিৰ উত্তৰণৰ বাবে কাম কবি যােৱাত সহায় কৰিব বুলি কয়।
মানুহৰ গতি সদায় আলােকসন্ধানী হােৱাৰ লগতে শিক্ষাই মানুহক উদাৰ কৰি গঢ়ি তােলে বুলি উল্লেখ কৰি বকলীয়াঘাটত স্থাপন হােৱা শংকৰদেৱ মহাবিদ্যালয়ে যুগে যুগে মানুহৰ মাজত আলােকৰ সন্ধান দিব বুলি প্রধান সম্পাদকগৰাকীয়ে আশা প্রকাশ কৰে। শ্রীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত ইতিপুর্বে শতাধিক সংগীত বিদ্যালয় তথা অন্য বিদ্যালয় স্থাপন কৰাৰ প্রসংগ উল্লেখ কৰি এইসমূহ শিক্ষানুষ্ঠানৰ শৈক্ষিক প্রদর্শনাে উন্নত মানৰ বুলি মন্তব্য কৰে ৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত যােৰহাটত এখনি দন্ত চিকিৎসাৰ প্রতিষ্ঠান স্থাপন কৰাৰ লগতে কার্বি আংলঙৰ লগতে শিৱসাগৰ, মংগলদৈ, মৰিগাৱতাে মহাবিদ্যালয় খােলাৰ প্রক্রিয়া হাতত লােৱা বুলি প্রধান সম্পাদকগৰাকীয়ে অৱগত কৰে।
আগৰ দিনত কার্বি আংলং জিলাত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপনৰ বাবে আগ্রহ প্রকাশ কৰি প্রধান সম্পাদকগৰাকীয়ে এইক্ষেত্রত চৰকাৰৰ তৰফৰ পৰাও সহযােগিতা লাভ কৰিব বুলি আশা প্রকাশ কৰে৷ সভাখনত উপস্থিত থাকি প্রদান কৰা ভাষণত লাংফেৰৰ পৰিষদীয় সদস্য ৰামছিং তিমুঙে শ্রীমন্ত শংকৰদেৱ মহাবিদ্যালয় নির্মাণৰ ক্ষেত্রত সকলােধৰণৰ সহযােগিতা আগবঢ়োৱাৰ আশ্বাস প্রদান কৰি প্রাথমিকভাবে মহাবিদ্যালয় চৌহদত মাটি ভৰোৱাৰ বাবে দহ লাখ টকা আগবঢ়োৱাৰ কথা সভাস্থলীতে ঘােষণা কৰে। শ্রীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি ভৱ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হােৱা সভাখনত ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷













