স্বাস্থ্য প্ৰতিবেদন:
কিছমিছ আৰু আঙুৰ দুয়োটাৰে পুষ্টিগুণ পৃথক হয়। সেয়ে কাৰোবাৰ বাবে আঙুৰ ভাল, কাৰোবাৰ বাবে আকৌ কিছমিছ। বহুতৰ মনত প্রশ্ন জাগিব পাৰে যে, এই দুয়োটাৰ ভিতৰত কোনটো স্বাস্থ্যৰ পক্ষে ভাল?
আঙুৰ ফলৰেই শুকান ৰুপ হৈছে কিছমিছ। আঙুৰক ৰ’দত শুকাই কিছমিছ বনোৱা হয়। বিভিন্ন ৰন্ধনত কিছমিছ ব্যৱহাৰ হয়। এনেইও খোৱা যায়। পটাচিয়াম, আয়ৰন আৰু কেলচিয়ামৰ দৰে পুষ্টিৰে ভৰপূৰ কিছমিছ শক্তিবর্ধক হিচাবে পৰিচিত।
আঙুৰ শুকাই আহিলে ইয়াত চেনিৰ পৰিমাণ বহু ঘন হৈ যায়। সেয়ে কিছমিছত আঙুৰতকৈ বেছি চেনি থাকে। যিসকল ডায়েবেটিছত ভুগিছে তেওঁলোকৰ বাবে ই ক্ষতিকাৰক।
ফল শুকাই গ’লে, তাত থকা যৌগটি ঘন হৈ যায়। সেয়ে কিছমিছত আঙুৰতকৈ তিনি গুণ বেছি এন্টিঅক্সিডেন্ট থাকে। আৰু এন্টিঅক্সিডেন্ট স্বাস্থ্য ভালে ৰখাত আৰু বিভিন্ন ৰোগৰ পৰা দূৰৈত ৰাখিবলৈ খুবেই গুৰুত্বপূর্ণ।