![]()
নিউজ ডেস্কঃ
মহাৰাষ্ট্রত লকডাউন, কেন্দ্রৰ তৰফৰ পৰা কোভিড এলার্ট দিয়া হ’ল ৫ ৰাজ্যক। বিগত সাত দিনত হোৰাহোৰে পুনৰ দেশজুৰি বাঢ়িবলৈ আৰম্ভ কৰিছে সংক্রমণ। লকডাউনৰ সম্ভাৱনা জনাই কেন্দ্রই জাৰি কৰিলে একাধিক নিষেধাজ্ঞা।
ভাৰতৰ পাঁচ ৰাজ্যত পুনৰ বাঢ়িবলৈ আৰম্ভ কৰিছে সংক্রমনৰ গ্রাফ। ৰাজ্যকেইখন হ’ল মহাৰাষ্ট্র, কেৰালা, পঞ্জাব, ছত্তীশগড় আৰু মধ্যপ্রদেশ। সংক্রমণ নিয়ন্ত্রণত ৰাখিবলৈ এই পাঁচ ৰাজ্যক কঠোৰ সুৰক্ষাবিধি পালন কৰাৰ নির্দেশ দিছে কেন্দ্রই। যিকোনো উপায়ে যদি সংক্রমনৰ শৃংখল ভাঙিব পৰা নাযায় তেনেহ’লে শেষ অস্ত্র লকডাউন। ইফালে মহাৰাষ্ট্রত বিগত ২৪ ঘন্টাত নতুনকৈ আক্রান্ত হৈছে ৬ হাজাৰ ১১২ জন। যাৰ কাৰণে ইতিমধ্যে ২ দিনৰ লকডাউন জাৰি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। শনিবাৰে সন্ধ্যাৰ পৰা সোমবাৰ পর্যন্ত লকডাউন থাকিব অমৰাৱতীত। ইয়াবতমালত ২৮ ফেব্রুৱাৰী পর্যন্ত স্কুল-কলেজ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।
মুম্বাইত ১০ হাজাৰৰো অধিক ঘৰ চিল কৰি দিয়া হৈছে। জনোৱা হৈছে কোনো বিল্ডিংত ৫ জনৰ বেছি কৰোনা আক্রান্ত থাকিলে সেই বিল্ডিং চিল কৰি দিয়া হ’ব। লগতে কোৱা হৈছে, ধর্মীয় অনুষ্ঠানত পাঁচজনৰ বেছি উপস্থিত থাকিব নোৱাৰে। লগতে যিকোনো ৰেস্তোৰা বা অনুষ্ঠানত আসন সংখ্যাৰ ৫০ শতাংশৰ বেছি উপস্থিত থাকিব নোৱাৰিব।










