![]()
নিউজ ডেস্কঃ
পত্নীক এৰি শাহুকে লৈ পলাল এজন ব্যক্তি। ঘটনাটি ঘটিছে ইংলেণ্ডৰ গ্লস্টাৰশায়াৰত। সংবাদ মাধ্যমৰ ৰিপোর্ট অনুযায়ী, সন্তানসম্ভৱা হোৱাত ২৪ বছৰীয়া জেছ অলড্রিজে তেওঁৰ স্বামী ৰায়ান শেল্টন আৰু সন্তানক লৈ মাতৃগৃহলৈ আহিছিল। জেছৰ মাতৃ ৪৪ বছৰীয়া জর্জিনাই জী-জোঁৱাইৰ ভালদৰেই খেয়াল ৰাখিছিল।
জেছৰ মতে, সময় যিমানেই আগবাঢ়ে, তেওঁৰ তুলনাত স্বামী ৰায়ানৰ বেছি খেয়াল ৰাখিবলৈ আৰম্ভ কৰে তেওঁৰ মাতৃয়ে। যিটো মুঠেই পছন্দ হোৱা নাছিল জেছৰ। ক্রমে জেছৰ অজানিতে তেওঁৰ মাতৃৰ সৈতে ৰায়ানৰ সম্পর্ক গঢ়ি উঠে।
জেছৰ দাবী, দিন আগবঢ়াৰ লগে লগে তেওঁৰ মাতৃৰ আচৰণত এক অদ্ভুত পৰিবর্তন লক্ষ্য কৰে তেওঁ। কিন্তু মাতৃ আৰু তেওঁৰ স্বামীৰ মাজত যে সম্পর্ক গঢ়ি উঠিছে, সেয়া ঘুণাক্ষৰেও গম পোৱা নাছিল জেছে। ইয়াৰ পিছত সন্তান জন্মৰ বাবে হস্পিটেলত ভর্তি হয় জেছ। তেওঁ সন্তান জন্ম দিয়াৰ পিছতেই মোবাইলত এটা মেছেজ পায় ৰায়ানৰ পৰা। তাত তেওঁ জেছৰ সৈতে বিবাহ বিচ্ছেদৰ কথা কয়।
বিষয়টো স্পষ্ট হয় ঘৰলৈ উভতাৰ পিছতেই। হস্পিটেলৰ পৰা সন্তানক লৈ ঘৰলৈ আহি জেছে দেখে ৰায়ান আৰু জর্জিনা তাত নাই। সময় অতিক্ৰম কৰিলে, কিন্তু কোনো উভতি নাহিল। তেতিয়া তেওঁৰ সন্দেহ হয়। তেওঁৰ সন্দেহ দূৰ হয় মাকক ফোন কৰাৰ পিছত। জর্জিনাই জনায়, প্রাক্তন জোঁৱাইৰ সৈতে তেওঁ সংসাৰ আৰম্ভ কৰিছে। দুয়ো নতুন ঘৰত থাকিব লৈছে। ৰায়ানেও একেই কথা জনায় জেছক। নিজৰ স্বামী আৰু মাতৃৰ এই কুকীর্তিত ভাঙি পৰে জেছ। দুই সন্তানক কেনেদৰে প্রতিপালন কৰিব এতিয়া তাকে লৈ চিন্তাত জেছ।










