![]()
নিউজ ডেস্কঃ
কোভিড বিধি ভঙ্গৰ শাস্তি হ’ল চুম্বন ! এয়া কোনো ছবিৰ দৃশ্য কিন্তু নহয়। ঘটনাটি ঘটিছে পেৰুৰ ৰাজধানী লিমাৰ মিৰাফ্লোৰে ব্রডৱাকত। চিচি টিভি কেমেৰাত ধৰা পৰিছে সেই ঘনিষ্ঠ দৃশ্য। যাক লৈ এতিয়া তোলপাৰ ছচিয়েল মিডিয়া।
স্থানীয় সংবাদ সংস্থাৰ সূত্রে জানিব পৰা মতে, যুৱতীগৰাকীয়ে আইন অমান্য কৰাত শাস্তি বা জৰিমনাৰ পৰিৱৰ্তে চুমা খোৱাৰ দাবী জনাইছিল আৰক্ষী বিষয়াজনে।
ইয়াৰ পিছতেই মহিলাগৰাকীক মাজৰাস্তাতে থিয় কৰাই আৰক্ষীজনে এটাৰ পিছত আন এটা চুমাৰে উপচাই দিয়ে। তাৰ পিছত মহিলাগৰাকীয়ে ৰেহাই পায়। সমগ্ৰ ঘটনাৰ ভিডিও প্রকাশ্যে অহাৰ লগে লগে প্রশাসনত সৃষ্টি হয় ধুমুহাৰ। ইতিমধ্যে অভিযুক্ত আৰক্ষীগৰাকীক নিলম্বন কৰা হৈছে। বিভাগীয় তদন্ত আৰম্ভ হৈছে আৰক্ষীজনৰ বিৰুদ্ধে।










