নিউজ ডেস্কঃ
বিশ্বৰ বৃহত্তম ক্রিকেট লীগ, ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আইপিএল)৷ ২০২১ বৰ্ষৰ বাবে আইপিএলৰ নিলাম ইতিমধ্যে বৃহস্পতিবাৰে চেন্নাইত অনুষ্ঠিত হৈ যায়। আঠটা আইপিএল ফ্ৰেঞ্চাইজিৰ ৬১টা স্থান পূৰণ কৰাৰ বাবে নিবিদা দিয়া হৈছিল। কিন্তু আপুনি জানেনে যে কেইগৰাকীমান তাৰকা খেলুৱৈয়ে নিলামত অংশগ্ৰহণ নকৰাকৈয়ে যথেষ্ট পৰিমাণৰ পাৰিশ্ৰমিক পায়?
বিৰাট কোহলি
আইপিএলৰ ইতিহাসৰ সকলোতকৈ ব্যয়বহুল খেলুৱৈৰ কথা ক’বলৈ গ’লে বিৰাট কোহলি অন্যতম, যাক ৰয়েল চেলেঞ্জাৰ্ছ বেঙ্গালুৰুই ১৭ কোটি টকাত ধৰি ৰাখিছে। কিন্তু কোহলি নিলামৰ অংশ নাছিল। অৱশ্যে অধিনায়ক হিচাবে এটাও আইপিএল খিতাপ জয় কৰিব নোৱাৰিলেও তেওঁ সকলোতকৈ বেছি ধন পায়।
মহেন্দ্র সিং ধোনী
চেন্নাই ছুপাৰ কিংছৰ মহেন্দ্র সিং ধোনীয়ে চলিত বৰ্ষৰ বাবে ১৫ কোটি টকা লয়। অধিনায়ক হিচাবে ধোনীয়ে চেন্নাই ছুপাৰ কিংছক দিছে তিনিটা আইপিএল মুকুট।
ৰোহিত শর্মা
মুম্বাই ইণ্ডিয়ান্সৰ ৰোহিত শর্মাকো ২০২১ বৰ্ষৰ বাবে দিয়া হৈছে ১৫ কোটি টকা। অধিনায়ক হিচাবে ৰোহিত শর্মাই মুম্বাই ইণ্ডিয়ান্সৰ হৈ ৫বাৰ আইপিএল খিতাপ আঁজুৰি আনিছে।