ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কালি নিশা ৮ মান বজাত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত, বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াই এক গোপন সূত্ৰৰ পম খেদি অমৰাজানৰ ভাৰত পেট্ৰল পাম্পত ৰৈ থকা অৱস্থাত এনএল-০১-এডি-৩৪৮৬ আৰু এনএল-০১-এডি-৫৮৩৫ নম্বৰৰ দুখন মালবাহী ট্ৰাকৰ পৰা দুটা চাবোনৰ বাকচৰ ভিতৰত মুঠ ২৫ গ্ৰাম “হেৰইন” সহ এজন ড্ৰাগছ সৰবৰাহকাৰী ট্ৰাক ড্ৰাইভাৰ উমাকান্ত সিঙক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন ট্ৰাক চালকজনৰ ঘৰ মণিপুৰৰ লিৰিলবাং আৰক্ষী থানাৰ অন্তৰ্গত কেইৰাও গাঁৱত। আৰক্ষীসূত্ৰে জানিব পৰা মতে উক্ত স্থানত আৰক্ষী গৈ পোৱাৰ সম্ভেদ লাভ কৰি আনটো সৰবৰাহকাৰী ট্ৰাক ড্ৰাইভাৰ পলাই সাৰিবলৈ সক্ষম হয়।
আনহাতে জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ৫০ হাজাৰৰ পৰা ১ লাখ টকা হ’ব বুলি আৰক্ষীসূত্ৰে প্ৰকাশ কৰে। উক্ত ড্ৰাগছখিনি মণিপুৰৰ পৰা অসমলৈ আনি আছিল বুলি সাংবাদিকৰ আগত জনায়। পলায়ন কৰিবলৈ সক্ষম হোৱা আনটো সৰবৰাহকৰী ট্ৰাক ড্ৰাইভাৰৰ অনুসন্ধানত বৰ্তমান বোকাজান আৰক্ষী প্ৰশাসন নামি পৰিছে।













