পশ্চিম কৰ্বিআংলং : খেলে মানুহৰ দৈহিক বিকাশ তথা সুস্থ ৰখাত যথেষ্ট সহায় কৰে।সেয়ে নৱপ্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলাৰ মানসেৰে আগবাঢ়ি আহিছে পশ্চিম কৰ্বিআংলং – নগাঁও জিলাৰ সীমান্তৰ ৰাজাগাঁৱৰ এচাম উদিয়মান যুৱক।
তাৰে অংশ হিচাপে ৰাজাগাঁৱৰ “কংগ্ৰেছ ফিল্ডত” সমাজসেৱক অনন্ত বৰা আৰু মিথুন বসুৰ পূৰ্ণ নেতৃত্বত এই উদিয়মান যুৱক সকলৰ উদ্যোগত অনুস্থিত হয় ঁতুৱাৰাম বৰা সোঁৱৰনী এক ক্ৰিকেট মেটচ্ । ১৬ জানুৱাৰী ৰ পৰা অনুস্থিত হোৱা এই মেটচ্ খনত নগাঁও,পশ্চিম কৰ্বিআংলং আৰু হোজাই জিলাৰ মুঠ ২৪টা দলে অংশগ্ৰহণ কৰে।
শনিবাৰে ইয়াৰ চুড়ান্ত খেলখন “কামপুৰ এচেণ্ড ক্লাৱ” আৰু “উত্তৰ আমৰি ক্ৰিকেট ক্লাৱ”ৰ মাজত অনুষ্ঠিত হয়। ট্ৰ’চত জিকি প্ৰথমে বেটিং গ্ৰহন কৰি “কামপুৰ এচেণ্ড ক্লাৱে” ১৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২৩ ৰান সংগ্ৰহ কৰে।
চেকেণ্ড ইনিংছত “উত্তৰ আমৰি ক্ৰিকেট ক্লাৱ”য়ে ১২ অভাৰ খেলিয়েই মাথো ৩ উইকেট হেৰুৱাই ১২৪ ৰান সংগ্ৰহ কৰি জয়ী হয়। স্থানীয় সমাজসেৱক অনন্ত বৰায়ে পিতৃ ঁতুৱাৰম বৰাৰ সোঁৱৰনিত নগদ দহ হাজাৰ টকা সহ ট্ৰফী আৰু মানপত্ৰৰে জয়ী দলটোক পুৰষ্কৃত কৰে।আনহাতে স্থানীয় মনিকা দেৱ ৰায়ে স্বামী ঁজীৱন ৰায়ৰ সোঁৱৰনিত নগদ পাঁচ হাজাৰ টকা সহ ট্ৰফী আৰু মানপত্ৰৰে ৰানাৰ চাপ হোৱা দলটোক পুৰষ্কৃত কৰে ।













