ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কবি ,গল্গকাৰ , চিনেমা পৰিচালক তথা ৰাজনৈতিক নেতা বিদ্যাছিং ৰংপিয়ে এইবাৰ এখন উপন্যাস লিখি উলিয়াইছে ৷ ৰংপিৰ প্ৰথমখন উপন্যাস “হাইমু” আজি ডিফুৰ ৰাংছিনা ছাৰপ’ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে ৰংমিলিৰ হাহিঁৰ স্ৰষ্টা ৰংবং তেৰাঙে ৷
কাৰবি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰৰ সভাপতিত্ব হোৱা গ্ৰন্থ উন্মোচন সভাত নিদিষ্ট বক্তাৰ আসনৰ পৰা অধ্যাপিকা ড:মনালিছা ৰংপিপীয়ে প্ৰথমখন উপন্যাস লিখিয়ে ৰংপি সাথক হোৱা বুলি কয় ৷ উন্মোচন ৰংবং তেৰাঙে হাইমুৰ কাহিনীক লৈ ছামছিং হাঞ্চেই “নাম তাইৰ হাইমু” , অজিত ছিংনাৰে “বৰ্ষা দেৱীৰ মালিতা” আৰু বিদ্যাছিং ৰংপি “হাইমু” সৃষ্টি কৰি অসমীয়া সাহিত্যৰ ভৰাঁল চহকী কৰা বুলি কয় ৷
তিনিওখন উপন্যাসৰে বৰ্ণনা আৰু আংগীকৰ পাৰ্থক্য আছে ৷ বিদ্যাৰ “হাইমু”ত কাৰবি সমাজ-সংস্কৃতিৰ সৱলীল প্ৰকাশ ঘটা বুলি তেখেতে কয় ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপন্যাসিক অজিত ছিংনাৰ ,লেখক পবিত্ৰ বৰা , কাৰবি লামমেত আমেইৰ সভাপতি হিদ্ধিনাথ ৰংপি , লুনচে তিমুঙেও ভাষণ দি অসমীয়া আৰু কাৰবি ভাষাক সৃষ্টিশীল লেখাৰে ৰংপিয়ে সমৃদ্ধ কৰা বুলি কয় ৷
তেওঁৰ গল্প সভ্ৰান্ত আলোচনী প্ৰান্তিক , সাতসৰী , গৰীয়সী আদিত প্ৰকাশ হৈছে ৷ ৰাজনৈতিক ব্যস্তৰ মাজতো সৃষ্টিশীত কামত লাগি থকাতোৱে লেখকৰ স্বভাৱসিদ্ধ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে ৷ লেখক ৰংপিয়ে ক’ভিড-১৯ অতিমাৰীৰ সময়ত ঘৰত সোমাই থাকি “হাইমুুু ” নামৰ উপন্যাসখন লিখি উলিওঁৱা বুলি কয় ৷












