ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসম চৰকাৰৰ কেবিনেটৰ এখনি বৈঠকত অলপতে পার্বত্য এলেকা উন্নয়ন দপ্তৰৰ বিলােপ কৰি ইয়াৰ ঠাইত অসম ষষ্ঠ অনুসূচী পৰিষদ বিভাগলৈ পৰিণত কৰাৰ লগতে বি টি আৰকো ইয়াৰ আওতালৈ অনাৰ বাবে সিদ্ধান্ত লােৱা বুলি অলপতে প্রকাশ পােৱা এক বাতৰিক কেন্দ্র কৰি কাৰ্বি পাহাৰৰ ৰাজনীতি উত্তাল হৈ পৰাৰ সময়তে এই সিদ্ধান্ত প্রত্যাহাৰ হােৱা বুলি আজি ঘােষণা কৰিছে কার্বি আংলং
স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
পাৰ্বত্য উন্নয়ণ বিভাগৰ মৰ্যদা অক্ষুণ্ণ থকাৰ কথা মুখ্যমন্ত্ৰীৰ পৰা বাৰ্তা লাভ কৰা বুলি জনায় মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷উল্লেখযােগ্য যে, বকলীয়াঘাট ক্রীড়া সন্থাৰ খেলপথাৰত দুদিনীয়া কার্যসূচীৰে জিলাখনৰ
গাঁওবুঢ়াসকলৰ এখনি সম্মিলনৰ আয়ােজন কৰা হৈছে।
অনুষ্ঠানৰ মূল সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্রদান কৰা ভাষণত মুখ্য কার্যবাহীগৰাকীয়েউপস্থিত ৰাইজক এই বিষয়ে অৱগত কৰে। সাংবাদিকৰ সৈতে হােৱা বার্তালাপৰ সময়তাে মুখ্য কার্যবাহী ৰংহাঙে কয় যে ৰাজ্যিক কেবিনেটত বিষয়টো উত্থাপন কৰা হৈছিল যদিও এই সম্পর্কে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সৈতে কোনােধৰণৰ পূর্ব আলােচনা হােৱা নাছিল।
বিষয়টো সন্দর্ভত দল-সংগঠনৰ বিৰোধিতাৰ লগতে সামাজিক মাধ্যমযােগে বিষয়টো সম্পর্কে জানিব পাৰি মুখ্য কার্যবাহীগৰাকীয়ে অসমৰ মুখ্যমন্ত্রী সর্বান্দ সােণোৱালৰ সৈতে বিষয়টো সন্দর্ভত কেইবাবাৰাে আলােচনা কৰা বুলি কয়। সেই অনুসৰি, যােৱানিশাই মুখ্যমন্ত্রীগৰাকীয়ে কেবিনেটৰ উক্ত সিদ্ধান্ত প্রত্যাহাৰ কৰা
হব বুলি প্রতিশ্রুতি দিয়াৰ লগতে আজি পুবা মুখ্যমন্ত্রীগৰাকীয়ে টেলিফোনযােগে কেবিনেটৰ উক্ত সিদ্ধান্ত প্রত্যাহাৰ কৰা বুলি জানিবলৈ দিয়ে বুলি স্পষ্ট কৰি দিয়ে।
ইয়াৰ পৰিৱর্তে পার্বত্য এলেকা উন্নয়ন দপ্তৰ পূর্বব দৰেই থাকিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া বুলি মুখ্য কার্যবাহীগৰাকীয়ে সাংবাদিকক কয়। এনে পদক্ষেপৰবাবে মুখ্যমন্ত্ৰী সর্বানন্দ সােণােৱাল আৰু বিওমন্ত্রী ডঃ হিমন্তবিশ্ব শর্মাক কার্বি আংলংবাসীৰ হৈ ধন্যবাদো জ্ঞাপন কৰে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলৰাম ৰংহাঙে।
উল্লেখযােগ্য যে, সহস্রাধিক লােকৰ উপস্থিতিত অনুষ্ঠিত হােৱা গাঁওবুঢ়াসকলৰ সম্মিলনৰ মুকলি সভাখনত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কার্যবাহী সদস্য প্রদীপ ৰংপি, মংগলছিং তিমুৎ, অমৰছিং তিচ’, তৰেন্দ্ৰ ব্রহ্ম, লুনছিং টেৰণ, পৰিষদীয় সদস্য ৰামছিং তিমুং, দৰছিং ৰংহাং, কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য জৎচন বে, কাৰ্বিসকলৰপৰম্পৰাগত ৰজাকে ধৰি বিভিন্ন দল-সংগঠনৰ নেতৃবর্গ উপস্থিত থাকে।












