ASSAM TIMES POST
ৰঙাপৰাঃ শোণিতপুৰৰ হাতীবাৰী চাহ বাগিচাত দেওবাৰে এক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত হৈ যায়। প্রতিযোগিতাখনিত মুঠ ১৬টা দলে অংশগ্ৰহণ কৰিছিল। ইফালে এই চূড়ান্ত খেল অনুষ্ঠিত হয় হাতীবাৰী চাহ বাগিচাৰ নৰ্থ বেংক চকাৰ ক্লাব আৰু বামগাঁও দলৰ মাজত।

চূড়ান্ত খেলখনৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত আগভাগ লয় তেজপুৰৰ সাংসদ পল্লৱলোচন দাসে। সভাত হাতীবাৰী চাহ বাগিচাৰ প্ৰৱন্ধক দেবব্ৰত শৰ্মা, আটছাৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি অৰূপ বৰাইক, ৰঙাপৰা উপ-শাখাৰ সভাপতি চাকিৰাম তাঁতী, অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ সম্পাদক সুনীল টুটীৰ লগতে বহুতো প্রাক্তন ছাত্ৰ নেতা, বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
আটছাৰ ৰঙাপৰা উপ-শাখাৰ হাতীবাৰী শাখাই অনুষ্ঠিত কৰা খেলখনত বিজয়ী বামগাঁও ফুটবল দলক নগদ ১৫ হাজাৰ টকা আৰু এটা ট্ৰফি তথা বিজিত নৰ্থ বেংক চকাৰ ক্লাবক নগদ ৪ হাজাৰ টকা তথা এক ট্ৰফি প্ৰদান কৰা হয়। খেলখনত বামগাঁও ফুটবল দলে নৰ্থ বেংক চকাৰ ক্লাবক ৪/২ গ’লত পৰাস্ত কৰে।













