ষ্টাফ ৰিপ’ৰ্টাৰ:
অপৰাধ, অপৰাধী আৰু উগ্ৰপন্থীৰে জৰ্জৰিত হৈ অহা কাৰ্বি আংলঙত প্ৰতিনিয়ত আৰক্ষীয়ে সন্মুখীন হৈ আহিছে বৃহৎ প্ৰত্যাহ্বানৰ৷ তাৰ মাজতে আৰক্ষী প্ৰশানৰ তৎপৰতাত সৰ্বসাধাৰণে সাধাৰণ জীৱন যাপনত সকাহ লাভ কৰিছে৷
কাৰ্বি আংলং জিলাৰ বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীসকলৰ তৎপৰতাত সময়ে সময়ে এনে সমাজবিৰোধী চক্ৰক উৎখাত কৰাৰ লগতে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বিভিন্ন অপৰাধী তথা উগ্ৰপন্থীক৷
তেনে এক অভিযানতে কাৰ্বি আংলঙৰ আঞ্জুকপানী আৰক্ষীয়ে লাভ কৰে বৃহৎ সফলতা। আঞ্জুকপানী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দয়ালৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত আটক হয় তিনি উগ্ৰপন্থী৷ কাৰ্বি আংলঙৰ ওপৰ গাঁও পাহাৰত অভিযান চলাই আটক কৰে এই তিনি উগ্ৰপন্থী।
কাৰ্বি ডেম’ক্ৰেটিভ লিবাৰেচন ফ্ৰণ্ট চমুকৈ কেডিএলএফৰ ধৃত এই তিনি উগ্ৰপন্থীৰ নাম হৈছে জেকচন ৰংহাং (২৭), বিবিয়াক্ৰ’ ৰংবং, ৰাজু তেৰণ ওৰফে কাইবং ওৰফে পাংৰী ক্ৰনজাং (২৬), বকলীয়া দিছবাই গাঁও আৰু ওৱেলচন ৰংহাং (২২), ৰংহাং গাঁও।
উল্লেখ্য যে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী আঞ্জুকপানী থানা, জখলাবন্ধা থানা আৰু ৰংবং ৱে থানা এলেকাৰ বিভিন্ন ব্যৱসায়ীক উক্ত উগ্ৰপন্থী দলটোৰ নাম লৈ ধন দাবী কৰি আহিছিল৷
যাৰ ফলত আৰক্ষীৰ এক প্ৰকাৰ নিদ্ৰা হৰণ হৈছিল। উগ্ৰপন্থী কেইটাক আটক কৰাৰ পিছতে অঞ্চলটোত আৰক্ষীৰ অভিযান তীব্ৰ কৰি তোলা হৈছে৷ উক্ত ধনদাবীৰ ঘটনাৰ লগত জড়িত আন আন অপৰাধীৰ সন্ধানত আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখিছে।













