ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফ : পাহাৰীয়া জিলা কাৰ্বি আংলঙত স্বচ্ছ সৰ্বক্ষেণৰ সজাগতা সৃষ্টি কৰিলৈ গৈ বাংলা ভাষাৰ বৃহৎ বৃহৎ হৰ্ডিং আৰি মাতৃভাষা অসমীয়াক চৰম উপহাস কৰিছে শাসকীয় বিজেপি চৰকাৰে ৷
জাতি মাটিৰ কথা কোৱো বিজেপি চৰকাৰৰ দিনতেই অসমত এলাগী হৈছে অসমীয়া ভাষা ৷ বিপৰীতে বাংলা ভাষাক আকোৱালী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ স্বৰূপ উন্মোচিত হৈছে এই হৰ্ডিঙৰ জৰিয়তে ৷
ডিফু চহৰত অসমীয়া ভাষাৰ বিপৰীতে জিলিকি উঠিল বাংলা ভাষাৰ হৰ্ডিং ৷স্বচ্চতাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে বনোৱা হৰ্ডিঙত অসমীয়াৰ বিপৰীতে বাংলা ভাষাৰ স্থান সচেতনৰ মহলৰ চকু কঁপালত উঠিছে ৷
সমগ্ৰ ডিফু চহৰত অসম চৰকাৰৰ সৰ্ব শিক্ষা মিছনে আঁৰিলে বাংলা ভাষাৰ হৰ্ডিং ৷কেৱল ডিফুতেই নহয় বোকাজানতো এনে হৰ্ডিঙ থকাৰ কথা জানিব পৰা গৈছে ৷ বিজেপি চৰকাৰৰ জাতি মাটি শ্ল’গান এক প্ৰকাৰে যে ভুৱা,তাকেই যেন পুনৰ প্ৰতিপন্ন কৰিলে ৷ আছুৰ কেন্দ্ৰীয় সদস্য ছৰ্জুন হাঞ্চেই এই কথা সাংবাদিকক জানিবলৈ দিয়াৰ লগতে বাংলা হৰ্ডিং বোৰ শীঘ্ৰে ননমালে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি নেতা গৰাকীয়ে হুংকাৰ প্ৰদান কৰিছে ৷













