ছাইদুল ইছলাম:
ডিফু : অসম-নাগালেণ্ড সীমান্তঞ্চল কাৰবি আংলং জিলাৰ দুদুকলনিত মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ ‘মুছা’ ৰ কাৰবি আংলং জিলা সমিতিয়ে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এক প্ৰশংসনীয় কাৰ্য সম্পন্ন কৰে ৷
দেওবাৰে মুছলিম ছাত্ৰসন্থা,অসম কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত অঞ্চলটোত বাল্য বিবাহ বন্ধ,নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ লগতে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰে ৷
এইলৈ মুছাই স্থানীয় ৰাইজৰ মাজত সভা অনুষ্ঠিত কৰাৰ লগতে সমাজকৰ্মীৰ সকলক প্ৰশংসা পত্ৰ প্ৰদান কৰে । উক্ত সভাত উপস্থিত থাকে লাহৰীজান বজাৰ সমিতি সম্পাদক হাদীছ মনছুৰী, কাৰবি আংলং জিলা সমিতিৰ সাংগঠনিক সম্পাদক মইনুল হুছেইন ওজা,বজাৰ সমিতিৰ উপ সভাপতি বিৰেন্দৰ নাথ ৰায় ,লাহৰীজান গাওঁৰক্ষী বাহিনী সভাপতি আজাদ লস্কৰ সিংহ, দুদুকলনী গাওঁৰক্ষী বাহিনী সভাপতি জহুৰ উদ্দিন, মহিলা গাওৰক্ষী বাহিনী সভানেত্ৰী মুন্নি বেগম বৰুৱা, খটখটী মহিলা গাওৰক্ষী বাহিনী সভানেত্ৰী নাজমা বেগম লগতে বিভিন্ন বিষয় ববীয়া উপস্থিত থাকে ।













