ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং জিলাৰ মাঞ্জাত নৈশ দূৰ্ঘটনাৰ ঘটনা মাৰ নৌযাওঁতে কালি নিশা সংঘটিত হ’ল আন এক শোকাৱহ ট্ৰাক দূৰ্ঘটনা ৷ উক্ত দূৰ্ঘটনাত এজন ট্ৰাক শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে চালক সহ আন এজন শ্ৰমিক গুৰুতৰ ভাবে আহত হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি যোৱা নিশা প্ৰায় ৯-৩০ মান বজাত বালি বোজাই কৰা ট্ৰাক এখনে আহি থকা অৱস্থাত মাঞ্জা থানা এলেকাৰ কঁঠাল বাগানত নিয়ন্ত্ৰণ হেৰুৱাই দূৰ্ঘটনাত পতিত হয় ৷ উক্ত দূৰ্ঘটনাৰ ফলত থিতাতে ট্ৰাক শ্ৰমিক বকলীয়াঘাট থানা এলেকাৰ জিলামচৰাম টেৰণ গাঁৱৰ দৰচিং টেৰণৰ পুত্ৰ দিপেন টেৰণৰ মৃত্যু হয় ৷
ইয়াৰোপৰি লংনিট বুৰা টেৰণ গাঁৱৰ ট্ৰাক খনৰ চালক বিশাল সিং( ২১)মুৰত গুৰুতৰ আঘাত প্ৰাপ্ত হয় ৷ আনজন ট্ৰাক শ্ৰমিক বকলীয়াঘাটৰ জিলাংচ ৰাম টেৰণ গাঁৱৰ কেৰাণী টকবী (১৮) জখম প্ৰাপ্ত হয় ৷ দুয়োকে উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷













