ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ডিষ্টৰিক্ট প্রেছ ক্লাব কার্বি আংলঙৰ চতুর্থ বর্ষপূর্তি আৰু বার্ষিক
অধিৱেশন আজি দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত হৈ যায়। ডিফুৰ ৰিক্রিয়েছন পার্কত অনুষ্ঠিত এই কার্যসূচীত পুৱা পতাকা উত্তোলন কৰে সভাপতি কিৰি ৰংহাঙে।
ইয়াৰ পিছতেই অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে কার্বি আংলং জিলা উপায়ুক্ত চন্দ্রধ্বজ সিনহা। অতিথিৰূপে উপস্থিত থাকে প্রেছ ক্লাৱৰ উপদেষ্টা লংছিং টেৰণ, সঞ্জু বৰা, জনসংযােগ বিষয়া উৎপল ডিমাছা, জোষ্ঠ সাংবাদিক প্রদীপ কুমাৰ নাথ।
জিলা উপায়ুক্তই ভাষণ প্রসংগত আজিৰ সময়ত সাংবাদিকৰ ভূমিকা সন্দর্ভত বক্তব্য প্রদান কৰি সাংবাদিকসকলে এক কঠোৰ সময়ত সাংবাদিকতা কৰিব লগা হৈছে বুলি মন্তব্য কৰে।
তেওঁ লগতে কয় যে সমাগত নির্বাচনত সাংবাদিসকলে যিকোনাে ধৰণৰ বাতৰি পৰিবেশন কৰোতে প্রশাসনৰ সৈতে যােগাযোগ কৰি সত্য বাতৰি প্রেৰণ কৰিবলৈ আহ্বান জনায়। উপদেষ্টা লংছিং টেৰণে ভাষণ প্রসংগত জিলা প্রেছ ক্লাৱৰ সংবিধানৰ লগতে সাংবাদিকসকলৰ কৰণীয় আৰু কর্তব্য সম্পর্কে বিস্তৃত ৰূপত দাঙি ধৰে।
সাংবাদিক সঞ্জু বৰাই আজিৰ সময়ত সাংবাদিকৰ ভূমিকা সন্দর্ভত ভাষণ প্রদান কৰি সাংবাদিকসকলে সন্মখীন হৈ অহা বিভিন্ন সমস্যা
আৰু বিভিন্ন ক্ষেত্রত সাংবাদিকসকলে পথভ্রষ্ট হৈ অসামাজিক কার্যকলাপত জড়িত হােৱা সন্দর্ভত তীব্র প্রতিক্রিয়া প্রদান কৰে। সংবাদমাধ্যমৰ লােক সকলক কর্তব্য নিষ্ঠাৰে বাতৰি পৰিবেশন কৰিবলৈ বৰাই আহ্বান জনায়।
নির্বাচনত সভাপতি আৰু সম্পাদক পদৰ বাবে কেৱল দিগন্ত টেৰণ আৰু ডেনিয়েলছন বেয়ে মনােনয়ন আগবঢ়োৱাত দুয়ােকে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হােবা বুলি নির্বাচনী বিষয়া উৎপল ডিমাছাই ঘােষণা কৰে।
আগন্তক দিনত সভাপতি আৰু সম্পাদকে পূর্ণাংগ সমিতি গঠন কৰিব বুলি আজিৰ সভাত সিদ্ধান্ত গ্রহণ কৰা হয়।













