ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম, ৰংহাঙে উদ্বোধন হোৱা বিভিন্ন উন্নয়ণ মূলক কামৰ স্থান পৰিদৰ্শন কৰে ৷
যোৱা ২ ফেব্ৰুৱাৰীত ডিফু চিকিৎসা মহাবিদ্যালয় পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভনি কাৰ্যসূচীত উপস্থিত থাকি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰীয়ে সদৰ চহৰ ডিফুত বিভিন্ন উন্নয়ণমূলক আঁচনি ৰূপায়ণৰ বাবে ১০০ কোটি টকা ব্যয় সাপেক্ষে ১০টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিছল ৷
উক্ত আচনি সমূহৰ শীঘ্ৰে বাস্তৱ ৰূপত ৰূপায়ণ কৰিবলৈ টীম কাৰবি আংলঙত লগতলৈ প্ৰতিটো কামৰ স্থান সমূহ পৰিদৰ্শন কৰি ঠিকাদাৰ সকলৰ লগত আলোচনা মৰ্মে এবছৰৰ ভিতৰত কাম সমূহ সমাপ্ত কৰিবলৈ প্ৰতিশ্ৰুতি আদায় কৰে ৷
মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি লৰুলাংচত ডিফু চন্দ্ৰছিং টেৰণ মেমৰিয়েল হল,লৰুলাংচ’ৰ পৰা ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়হৈ ডিফু চহৰলৈ যোৱা ডিফু নদীৰ সৌন্দৰ্য বৰ্দ্ধন, ধৰমনালাৰ পৰা ৰেলৱে ব্ৰীজ ধৰমনালা লৈকে নদীৰ সৌন্দৰ্য বৰ্দ্ধন ,বাছ টাৰ্মিনেল আৰু ডিফু চহৰৰ মাজেৰ নিৰ্মান হবলগীয়া ফ্লাই অভাৰৰ নিৰ্দ্ধাৰিত স্থান সমূহো পৰিদৰ্শন কৰি সেই যথা সময়ত নিৰ্মান কৰি ৰাইজৰ সেৱাৰ্থে মুকলি কৰি দিয়া হব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷













