ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰ্বি আংলং আৰক্ষীয়ে জিলাখনত অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত খটখটিৰ এছ বি আই শাখাৰ সন্মুখত আজি সন্ধিয়া প্ৰায় ৬:৩০ বজাত খটখটি আৰক্ষীয়ে স্থাপন কৰা এক বিশেষ নাকা তালাচীত ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী NL-07-B-0255 নম্বৰৰ এখন নৈশ যাত্ৰীবাহী বাছত তালাচী অভিযান চলাই।
অভিযানৰ সময়ত ৰাজ মহম্মদ নামৰ এজন যাত্ৰীৰ পৰা ২ টা চাবোনৰ বাকচত ২৬ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেজপুৰৰ বাসিন্দা ৰাজ মহম্মদৰ শৰীৰৰ পৰা জব্দ কৰা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্যৰ প্ৰায় ৫০ হাজাৰ টকা বুলি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে জানিবলৈ দিয়ে।
ধৃত সৰবৰাহকাৰী ৰাজ মহম্মদক আৰক্ষীয়ে আটক কাৰৰ লগতে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।














