কিছুদিন পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীয়ে বিশ্ববিদ্যালয়খনৰ বিত্তীয় খেলিমেলিত জড়িত থকাৰ অভিযোগ উঠিছিল আৰু বিশ্ববিদ্যালয় আছু গোট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থা ইয়াৰ তদন্তৰ দাবী তুলিছিল ৷
উক্ত ঘটনাৰ পিছতে, উজনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় খেলিমেলিৰ তদন্তৰ বাবে ৰাজ্যপাল তথা আচাৰ্য জগদীশ মুখীয়ে চাৰিজনীয়া তদন্ত কমিটি গঠনৰ কথা এক জাননী যোগে ঘোষণা কৰাৰ লগতে কমিটিখনক বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিত্তীয় তথ্যপাতি, হস্তাক্ষৰ আৰু স্বাক্ষৰ আদি পৰীক্ষাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যপাল তথা আচাৰ্য মুখীয়ে।
ৰাজ্যপাল জগদীশ মুখীয়ে বুধবাৰে বিশ্ববিদ্যালয়খনৰ বিত্তীয় খেলিমেলি তদন্ত কৰিবলৈ গঠন কৰিছে মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ নেতৃত্বত এখন চাৰিজনীয়া তদন্ত কমিটি।
তদন্ত কমিটিৰ অন্য তিনিগৰাকী সদস্য হৈছে ক্ৰমে উজনি অসম সংমণ্ডল আয়ুক্ত মলয় বৰা, অসম ফেৰেনছিক সঞ্চালকালয়ৰ দুই বৈজ্ঞানিক বিষয়া ৰাজীৱ শেনচোৱা আৰু ইছ্ৰাফীল মুছাহাৰী।