ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং জিলা সাহিত্য সভাৰ ১৯৮৯ চনৰ বাৰ্ষিক অধিৱেশনৰ কামত ব্যস্ত হৈ থকাৰ সময়ত এক দুৰ্ঘটনাত মৃত্যু হৈছিল তিনি গকাকী ব্যক্তিৰ ৷ অতুল বৰা , দুলেশ্বৰ গগৈ আৰু গোলাগ শইকীয়াই অকালতে প্ৰাণ হেৰুৱাইছিল ৷
নিজৰ ভাষা সাহিত্যৰ প্ৰতি থকা অগাধ ভালপোৱা এই তিনিগৰাকী ব্যক্তিৰ মাজৰ দুগৰাকী আছিল শিক্ষক ৷ তেওঁলোকৰ স্মৃতি ৰক্ষাৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সহযোগত দেওপানী শাখা সাহিত্য সভাই আয়োজন কৰি আহিছে অসম ভিত্তিত চুটি গল্প প্ৰতিযোগিতা ৷
এইবছৰ গল্প প্ৰতিযোগিতাৰ লগতে সভাই বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছিল স্মৃতি দিৱস ৷ স্মৃতি দিৱসৰ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড: কৰবী ডেকা হাজৰিকাই কয় যে আমি নিজৰ ভাষা-সাহিত্য জীয়াই ৰাখিব লাগিব ৷
আনে আহি আমাৰ জাতি , আমাৰ সংস্কৃতি , আমাৰ ভাষা ৰক্ষা নকৰে ৷ সেয়ে তেওঁ মাতৃ সকলক শিশুক নিচুকণি গীত , আইনাম , ধাইনাম গোৱাই শুৱাবলৈ আহৱান জনাই ৷ সৰুৰে পৰা শিশু সকলক সাধু শুনোৱাৰ অভ্যাস কৰিবলৈ কয় ৷
জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিগদুঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ভাষণ দি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মাই ভাষা-সাহিত্যৰ সেৱা কৰিবলৈ গৈ মৃত্যু তিনিগৰাকী যুৱকৰ স্মৃতিত এইদৰে অনুষ্ঠানৰ আয়োজন কৰা কাৰ্যৰ শলাগ লৈ সাহিত্য সভা কেৱল সাহিত্যিকৰ সভা নহয় বুলি মন্তব্য কৰে ৷
বিশিষ্ট অতিথিৰ আসনৰ পৰা বোকাজানৰ বিধায়ক ডা: নোমল মমিনে অসমীয়া মাধ্যমত সকলোৱে নিজৰ নিজৰ সন্তানক পঢ়ুৱালেহে ভাষা-সাহিত্য ৰক্ষা পৰিব বুলি কয় ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য কন্দৰ্প কুমাৰ ডেকাই ইতিহাসিক দেওপানীৰ জনতাক কিছু শৈক্ষিক পৰামৰ্শ আগবঢ়াই ৷
লেখক সাংবাদিক সঞ্জু বৰাই সময়ৰ অগ্ৰগতি আৰু পৰিবৰ্তনৰ লগত মিলি নতুন প্ৰজন্মই ভাষা-সাহিত্যৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা উচিত বুলি মন্তব্য কৰে ৷ কবি , লেখক ভৱপ্ৰসাদ দেউৰীয়ে কাব্যিক ভাষণেৰে শাখা সাহিত্য সভা সমূহেই সাহিত্য সভাৰ শক্তি বুলি কয় ৷ জিলা সভাৰ প্ৰাক্তন সভাপতি নৰেন হাজৰিকাও চমু ভাষনেৰে দেওপানীৰ ৰাইজক জাতীয়তাবাদী বুলি অভিহিত কৰে ৷
জিলা সাহিত্য সভাৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা আৰু শাখাৰ সম্পাদক পংকজ মহন্তই আতঁ ধৰা অনুষ্ঠানত দেওপানী পৰিষদৰ সদস্য মুকুত মহন্তকে ধৰি বহু কেইগৰাকে বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
ভাষা জননীৰ সেৱা কৰিবলৈ গৈ অকালতে প্ৰাণ হেৰুৱা অতুল বৰা , দুলেশ্বৰ গগৈ আৰু গোলাপ শইকীয়াৰ স্মৃতিত দেওপানী ৰাজহুৱা ৰঙ্গমঞ্চত এখন তোৰণ নিৰ্মাণ কৰে ধনশিৰি ভেলী ৱেলফেয়াৰ ছচাইটিয়ে ৷ পুৱা শাখাৰ সভাপতি নবীন বৰাই পতাকা উত্তোলন কৰাৰ পিছতে এই স্মৃতি তোৰণ মুকলি কৰে জিলা সম্পাদক বিশ্বজ্যোতি হাজৰিকাই ৷













