বিশেষ প্ৰতিবেদন:
আচৰিত যেন লাগিলেও সঁচা , বিশ্বৰ বৃহত্তম মৰুভূমি ছাহাৰাত তুষাৰপাত হৈছে । ছাহাৰাৰ আদিগন্ত বালি ঢাকি পেলাইছে বৰফেৰে ৷
আটলান্টিক মহাসাগৰ (Atlantic Ocean)আৰু লোহিত সাগৰৰ (Red Sea)ঠিক মাজত অৱস্থিত এই ছাহাৰা (Sahara)মৰুভূমি। ছাহাৰা আফ্রিকাৰ উত্তৰ দিশে প্রায় ৩৫ লক্ষ বর্গ মাইল জুৰি বিস্তৃত পৃথিৱীৰ সকলোতকৈ বৃহত্তম উষ্ণ মৰুভূমি (largest hot desert in the world)।
এই মৰুভূমিৰ এইন চেফৰা (Ain Sefra) অঞ্চলৰ ওপৰৰ ফালেই এই তুষাৰপাত হয়। এইন চেফৰা সমুদ্রতলৰপৰা ১০০০ মিটাৰ ওপৰত আছে । আলজেৰিয়ান-মৰোক্কা সীমান্ত (Algerian-Moroccan border)সংলগ্ন এই অঞ্চলৰ চাৰিওফালে আট্লাস পর্বতাৱলী (Atlas Mountains)। তুষাৰপাতৰ দিনা সেই ঠাইত ৰাতি তাপমাত্রা নামি গৈ -৩ ডিগ্রি ছেলচিয়াছ হয়গৈ । মৰুভূমিৰ বালি বৰফেৰে ঢাকি বগা কৰি ৰাখিছিল ৷
এই কথা কিন্তু নতুন নহয় ইয়াত । কিয়নো ইয়াৰ আগতে ৫০ বছৰত মুঠ ৪বাৰ ছাহাৰাত এনে ঘটনা ঘটিছিল ৷ প্রথমবাৰ ১৯৭৯ চনত, দ্বিতীয় বাৰ ২০১৬ চনৰ ডিচেম্বৰত। ইয়াৰ পিছত তৃতীয় বাৰৰ বাবে ২০১৮ চনৰ জানুৱাৰী মাহত ১৬ ইঞ্চি সম্পূৰ্ণ বৰফে ঢাকি পেলাইছিল ছাহাৰা । পুনৰ অভূতপূর্ব এই ঘটনাৰ সাক্ষী হৈ থাকিল ছাহাৰাৰ আদিগন্ত মৰুবালি।