![]()
নিউজ ডেস্কঃ
কোৱার্টাৰ ফাইনালত পৰাজিত হৈ থাইলেণ্ড অপেনৰ পৰা আঁতৰিল পিভি সিন্ধু। পোনপটীয়া ছেটত পৰাজয় হজম কৰিবলগা হৈছে ভাৰতৰ বিশ্ব চেম্পিয়নগৰাকীয়ে। কোৱার্টাৰ ফাইনালত স্থানীয় ছাটলাৰ ৰাটচানোক ইন্টাননৰ বিৰুদ্ধে খেলত নামিছিল পিভি সিন্ধু। নিজৰ ছন্দ অনুযায়ী প্ৰদৰ্শনত ব্যৰ্থ হয় বিশ্ব চেম্পিয়ন সিন্ধু। প্রথম গেম ২১-১৩ পয়ন্টত পৰাজিত হোৱাৰ পিছত দ্বিতীয় গেমত হায়দৰাবাদী ছাটলাগৰাকী পৰাজিত হয় ২১-৯ পয়ন্টত।
আনহাতে, পুৰুষৰ কোৱার্টাৰ ফাইনালতো ডেনমার্কৰ আন্দ্রেছ আন্টোনছেনৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলগা হয় সমীৰ বাৰ্মাই। ১৩-২১, ২১-১৯, ২০-২২ গেমত মেচত পৰাজিত হয় তেওঁ।













